গোলাঘাট, 25 চেপ্তেম্বৰ: বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুটা পৃথক গোচৰৰ ভিত্তিত গঁড়ৰ খৰ্গ ব্যৱসায়ৰ অভিযোগত, 7 জন লোকক বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বোকাখাত আৰক্ষীয়ে 2016 চনৰ এক গোচৰৰ ভিত্তিত 3 জন লোকক গ্ৰেপ্তাৰ কৰে ৷ লোক 3 জন তাৰজেন টেৰাং, ৰাজেন ৰোংফে আৰু মৃদুল পেগু বুলি জানিব পৰা গৈছে ৷ অধিক তদন্তৰ বাবে আৰক্ষীয়ে তিনিও জনকে চমজাই দিছে বন বিভাগক ৷
আনহাতে শুকুৰবাৰে পুৱা গঁড়ৰ খৰ্গৰ টুকুৰাৰ সৈতে 4 জন লোকক গ্ৰেপ্তাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা 4 জন লোক ৰামেশ্বৰ চিগনাৰ, ধনপুৰ কৰদোং, হৰিৰাম ইংতি আৰু বিমান তাৰো বুলি জানিব পৰা গৈছে ৷ আটাইকেইজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷
লগতে পঢ়ক: জুৰীয়াত কাঠ ফলা মিলসহ বৃহৎ পৰিমাণৰ চেগুণ কাঠ জব্দ