ETV Bharat / state

চাহ বাগিচালৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক: মন্ত্ৰী অতুল বৰা

author img

By

Published : Jun 28, 2021, 7:18 AM IST

গোলাঘাটত ক'ভিড পৰিস্থিতিৰ (Covid situation) সন্দৰ্ভত জিলা খনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কৃষি মন্ত্ৰী অতুল বৰা (Agriculture minister Atul Bora) ৷ চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ প্ৰশাসনত নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Review meeting of minister Atul Bara's Covid situation in Golaghat
চাহ বাগিচালৈ বাহিৰৰ পৰা পৰা আনিব নোৱাৰিব শ্ৰমিক:মন্ত্ৰী অতুল বৰা

গোলাঘাট, 28 জুন : সমগ্ৰ ৰাজ্য়ৰ লগতে গোলাঘাট জিলাতো ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ কোনো কোনো জিলাত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছিল যদিও গোলাঘাটত লগতে কেইবাখন জিলাত কৰণাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাত পুনৰ লকডাউন ঘোষণা কৰে চৰকাৰ প্ৰশাসনে ৷ ইফালে গোলাঘাট জিলাতো পুনৰ কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora) ৷

ইফালে চৰকাৰে জাৰি কৰা নতুন এছ অ’ পি (SOP) আৰু জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে দেওবাৰে গোলাঘাটত উপস্থিত হয় বোকাখাটৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora) ৷ জিলাখনৰ ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী অতুল বৰা । ক'ভিডৰ দ্বিতীয়টো ঢৌত ৰাইজক অধিক সজাগ সচেতেন হোৱাৰ উপৰিও কৰ'ণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

ৰাইজ সচেতন নহ'লে আৰক্ষী আৰু প্ৰশাসনে একো কৰিব নোৱাৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে অতুল বৰাই ।

উল্লেখ্য যে ক'ভিড ৰোগী বৃদ্ধি পোৱাত সোমবাৰৰ পৰা গোলাঘাট জিলাখন পুনৰ লকডাউন (LockDown) ঘোষণা কৰিছে চৰকাৰে । এই নতুন এছ অ’ পি (SOP) অনুসৰি স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ বাবে শীৰ্য বিষয়া সকলক নিৰ্দেশ দিয়ে অতুল বৰাই । ইফালে জিলাখনৰ কণ্টেইনমেণ্ট জ'নত (Containment Zone) থকা কৃষিৰ সৈতে জড়িত লোকসকল যাতে বৰ্তমান খেতিৰ সময়ছোৱাত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । ইফালে চাহ বাহিচা সমূহতো কৰ'ণাত বহুলোক আক্ৰান্ত হোৱাত বাগিচাসমূহলৈ বাহিৰৰ পৰা কোনো শ্ৰমিকক আনিব নোৱাৰিব বুলি মন্তব্য কৰে অতুল বৰাই ।

এই পৰ্যালোচনা সভাত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন (MLA), জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ড৹ ৰবীন কুমাৰকে ধৰি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল ।

লগতে পঢ়ক-শিশুসকলৰ বাবে প্ৰতিষেধকৰ উপলব্ধতাই বিদ্যালয় খোলাৰ পথ প্ৰশস্ত কৰিব : AIIMS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.