গোলাঘাট, 2 নৱেম্বৰ : সোমবাৰে গোলাঘাটত ৰাইজৰ দলৰ আহ্বায়ক ভাস্কো ডি শইকীয়াই উপস্থিত হৈ আগন্তক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ নেতা গৰাকীয়ে জনোৱা অনুসৰি, আগন্তক নিৰ্বাচনত গোলাঘাটৰ আটাইকেইটা সমষ্টিতে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰাৰ্থীয়ে বিজয় ধ্বজা উৰুৱাব ।

ইফালে, ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক গৰাকীয়ে গোলাঘাটৰ সৰুপথাৰ সমষ্টিৰ টেঙানী আৰু বিভিন্ন অঞ্চলত ৰাইজৰ দলৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ পিচতেই উপস্থিত হয় গোলাঘাটৰ মৈত্ৰী সংঘত । 2021 চনৰ নিৰ্বাচনত অসমত ৰাষ্ট্ৰীয়তাবাদ ধূলিসাৎ হ'ব বুলি কৈ গোলাঘাট জিলাৰ সৰুপথাৰ, খুমটাই, গোলাঘাট, বোকাখাট আৰু দেৰগাঁৱত ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য প্ৰদান কৰে ।
লগতে পঢ়ক : উন্নয়নৰ সৈতে অপৰিচিত মহানগৰীৰ এটা পাহাৰীয়া অঞ্চল