ETV Bharat / state

শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ - শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

গোলাঘাটত বিধায়ক শ্বেৰমান আলী আহমেদক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ । ৰাজ্যসভাৰ সাংসদগৰাকীয়ে শ্বেৰমান আলীক অসমীয়া নহয় বুলি কোৱাৰ লগতে মগজুৰ বিকৃতি ঘটা বুলি দাবী কৰে ৷

Reaction of kamkhya prasad tasa against sherman ali in golaghat assam etv bharat news
শ্বেৰমান আলীক তীব্ৰ কটাক্ষ
author img

By

Published : Nov 3, 2020, 4:44 PM IST

গোলাঘাট,3 নৱেম্বৰ: বিধায়ক শ্বেৰমান আলী আহমেদৰ বিতৰ্কিত মন্তব্যই উত্তাল কৰিছে সমগ্ৰ ৰাজ্য ৷ প্ৰায় প্ৰতিগৰাকী ৰাজনৈতিক দলৰ নেতাই সমালোচনা কৰা দেখা গৈছে বিধায়কগৰাকীক ৷ শেহতীয়াকৈ মঙলবাৰে গোলাঘাট জিলাৰ নুমলীগড়ত এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱা সাংসদ কামাখ্যা প্ৰসাদ তাছাই তীব্ৰ কটাক্ষ কৰে বিধায়কগৰাকীক ৷ নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হোৱা সাংসদ তাছাই বিধায়ক শ্বেৰমান আলী আহমেদক সংবাদ মাধ্যমৰ সন্মুখত তীব্ৰ সমালোচনা কৰে ৷

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে শ্বেৰমান আলীক অসমীয়া নহয় বুলি কোৱাৰ লগতে মগজুৰ বিকৃতি ঘটা বুলি দাবী কৰে ৷ লগতে বিধায়কগৰাকীক অসমৰ বুৰঞ্জী, কলা-সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷ ইফালে ৰাজ্য চৰকাৰে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত আদৰ্শ হাইস্কুল স্থাপন কৰি বাগিচাৰ লোকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷

লগতে চাওকঃ পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.