ETV Bharat / state

বুঢ়াপাহাৰত অঘটন, তীব্ৰ বেগী বাহনৰ খুন্দাত দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 9:16 PM IST

Caped Langur Monkey killed: তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অচিনাক্ত বাহনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰটোক খুন্দিয়াই পলায়ন কৰে ৷

Rare Capped Langur Killed by Speeding Vehicle
বুঢ়াপাহাৰত অঘটন
তীব্ৰ বেগী বাহনৰ খুন্দাত টুপীমূৰীয়া বান্দৰৰ মৃত্যু

কাজিৰঙা, 16 ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক অঘটন ৷ তীব্ৰবেগী বাহনৰ খুন্দাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ এলেকাত মৃত্যু এটা দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ (Caped Langur) ৷

কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এখন অচিনাক্ত বাহনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰটোক খুন্দিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷ পৰৱৰ্তী সময়ত নগাঁও জিলা পৰিবহন বিভাগৰ এখন ইন্টাৰচেপ্টৰ বাহন উপস্থিত হৈ বান্দৰটোৰ মৃতদেহ উদ্ধাৰ কৰি বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা ৰাজপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ সংস্থাপন কৰা চেন্সৰ তথা কেমেৰাসমূহ দীৰ্ঘদিন ধৰি বিকল হৈ আছে ৷ ৰাজপথৰ যান-বাহনৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ এই কেমেৰাসমূহ মেৰামতি কৰাৰ বাবে বনবিভাগৰ হাতত পুঁজিৰ অভাৱ বুলিও ইতিমধ্যে স্বীকাৰ কৰিছে বিভাগে ৷ লক্ষণীয় কথাটো হ’ল শেহতীয়াকৈ কেইবাটাও বন্যপ্ৰাণীয়ে ৰাজপথত বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটিব লগা হৈছে ৷

আনহাতে কেমেৰা বিকল হোৱাৰ ফলত কাজিৰঙাৰ ৰাজপথত বিগত সময়ত তীব্ৰ বেগী বাহনৰ খুন্দাত বহু বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ কিন্তু এতিয়াও কানসাৰ নাই বন বিভাগৰ ৷

উল্লেখ্য যে, বাৰিষাৰ বানৰ সময়তেই হওক অথবা আন সময়তেই, ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে পাৰ হৈ যোৱা এই পথচোৱাত বিগত সময়ত এনেধৰণৰ কেইবাটাও দুখজনক ঘটনা সংঘটিত হৈছে ৷ য’ত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছে কেইবাটাও নিৰীহ বন্যপ্ৰাণীৰ ৷

এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰৰ তথা ৰাজ্যৰ বিয়াগোম বন বিভাগে ঠায়ে ঠায়ে চেন্সৰ আৰু কেমেৰা স্থাপন কৰিছিল যদিও এই ব্যৱস্থা এতিয়া ভালুকৰ সঙীত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : ধেমাজিত ফ’ৰলেনৰ নামত অবাধ বন ধ্বংসযজ্ঞ; উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.