গোলাঘাট, 20 জুলাইঃ গোলাঘাটত স্বাৱ পৰীক্ষাৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা বুলি গুৰুতৰ অভিযোগ কৰে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে । চাৰি পাঁচ দিন ধৰি স্বাৱ পৰীক্ষাৰ নামত ঘূৰাই থকা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷
কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰ প্ৰশাসনে যেনেকৈ ক্ষীপ্ৰতাৰে কৰ'ণা ৰোগীৰ স্বাৱ পৰীক্ষাৰ লগতে চিকিৎসা ব্যৱস্থা ক্ষীপ্ৰতৰ কৰিছে তেনে সময়তে গোলাঘাটত দেখা গ'ল এক বিপৰীত ছবি ৷ চাৰি-পাঁচ দিন ধৰি স্বাৱ পৰীক্ষাৰ নামত সাধাৰণ ৰাইজক স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে অৱহেলা কৰা বুলি অভিযোগ কৰে ৰাইজে ৷ অকল সাধাৰণ ৰাইজে নহয় গোলাঘাট জিলা আদালতৰ অজয় মৰাণ নামৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কাম কাজত অতিষ্ঠ হৈ সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ কয় যে,পাঁচ দিনে স্বাৱ দিবলৈ আহি নিৰাশ হ'বলগীয়া হৈছে ।
উল্লেখ্য যে, অজয় মৰাণ গোলাঘাট জিলা কাৰাগাৰৰ বহু লোকৰ সংস্পৰ্শত থকাৰ বাবে তেওঁক স্বাৱ পৰীক্ষাৰ পৰামৰ্শ দিয়া হৈছিল যদিও চাৰি-পাঁচ দিন ধৰি ঘূৰি স্বাৱ পৰীক্ষা নকৰাকৈয়ে যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।
আনফালে,আন এগৰাকী মহিলা ক'ভিড-19 পজিটিভ ওলোৱা আত্মীয় সংস্পৰ্শলৈ অহাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে স্বাৱ দিবলৈ আহি দিনটো অপেক্ষাৰ পিছত নিৰাশ হৈ ঘূৰি যাব লগা হৈছে । কেৱল অজয় নতুবা এগৰাকী মহিলাৰ এনে হৈছে তেনে কথা নহয় স্বাৱ দিবলৈ আহি নিৰাশ হ'ব লগীয়া হৈছে বহু লোক । এই ঘটনাটো চৰকাৰক অৱগত কৰাৰ উদ্দেশ্যেই সাংবাদিকৰ আগত মন্তব্য কৰে গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কাণ্ড জ্ঞান হীনতাৰ বিষয়ে ৷
উল্লেখ্য যে,প্ৰথম অৱস্থাত এনাজৰী বিবাহ ভৱনত স্বাৱ সংগ্ৰহ কৰিছিল যদিও সোমবাৰৰ পৰা গোলাঘাট খ্ৰীষ্টান হাইস্কুলত স্বাৱ সংগ্ৰহ কৰিছে গোলাঘাট স্বাস্থ্য বিভাগে। ইতিমধ্যে সোমবাৰে গোলাঘাট খ্ৰীষ্টান হাইস্কুলত স্বাৱ দিবলৈ আহি নিৰাশ মনে বহু মানুহ ঘূৰি যোৱা বুলি অভিযোগ কৰে স্থানীয় লোকসকলে ।
লগতে পঢ়ক- COVID 19ক লৈ শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ