ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jul 23, 2020, 6:24 PM IST

Updated : Jul 24, 2020, 12:00 AM IST

কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত নেতাগৰাকীৰ গৃহ জিলা গোলাঘাটত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৃহস্পতিবাৰেও কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ ।

Protest for release of akhil by kms at Golaghat
অখিল গগৈৰ মুক্তিৰ দাবীৰ গোলাঘাটত অব্যাহত আছে কৃষক মুক্তিৰ ধাৰাবাহিক প্ৰতিবাদ

গোলাঘাট,২৩ জুলাই: কাৰাৰুদ্ধ কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৰ্ধ উলংগ হৈ এক মানৱ শৃংখল গঠনেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

অখিল গগৈ মুক্তি দিয়ক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায় ইত্যাদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাৰ সদস্যই ।

চৰকাৰক অতি শীঘ্ৰেই অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ দাবী জনাই প্ৰতিবাদী সংগঠন দুটাই চৰকাৰৰ এই হঠকাৰী কাৰ্যক কৰিলে তীব্ৰ নিন্দা । কাৰাৰুদ্ধ নেতা গৰাকীক মুক্তি নিদিলে পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যতে অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিওঁ উল্লেখ কৰিলে প্ৰতিবাদত অংশ লোৱা দুয়োটা সংগঠনৰ সদস্যসকলে ।

লগতে চাওকঃ আমগুৰিত ছাত্ৰ মুক্তিসহ বহুকেইটা সংগঠনে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

Last Updated : Jul 24, 2020, 12:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.