গোলাঘাট, 9মে’: হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিল মেৰাপানীৰ এখন গাঁৱৰ ৰাইজ । সোমবাৰে মেৰাপানীৰ চাউদাং পথাৰ গাঁৱৰ ৰাইজে হত্যাকাৰীক আটক কৰাৰ দাবীত গোলাঘাট চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest demanding arrest of murderer) ।
উল্লেখ্য যে, যোৱা 30 মাৰ্চত মেৰাপানীৰ চাউদাং পথাৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা (Golaghat Murder Case)। এচাম উন্মত্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল জোনমনি বৰা নামৰ এগৰাকী মহিলাক ৷ এই ঘটনাত জোনমনি বৰাৰ লগত থকা কন্যাও গুৰুতৰ ভাৱে আহত হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, পথাৰত মাটি খন্দাক লৈ সূত্ৰপাত হোৱা এখন কাজিয়াৰ ফলশ্ৰুতিতে এই হত্যাকাণ্ড সংঘটিত হৈছিল ৷
পৰৱৰ্তী সময়ত মেৰাপানী আৰক্ষীয়ে ঘটনাৰ লগত জড়িত কেবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ, ঘটনাৰ মূল অভিযুক্ত দিলিপ গগৈৰ পুত্ৰ দিপান্ত গগৈক আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰা নাই ৷ এই পৰ্যন্ত মূল অভিযুক্তক আৰক্ষীয়ে আটক নকৰাত সোমবাৰে গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে গাঁওখনৰ স্থানীয় ৰাইজে ৷
প্ৰতিবাদকাৰীৰ অভিযোগ, উন্মত্ত লোকৰ দলটোৱে হত্যা কৰাৰ পূৰ্বে ধৰ্ষণ কৰিছিল জোনমণি বৰাক ৷ মহিলাগৰাকীক প্ৰকৃততে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল নে, মৰিয়াই মৰিয়াই হত্যা কৰিছিল, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক : মঙলবাৰে ডেৰ লাখ লোকৰ উপস্থিতিত হিমন্ত চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি