গোলাঘাট,26 আগষ্ট: ৰাজ্যত অব্যাহত প্ৰতিবাদৰ ঢৌ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰি মঙলবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাটৰ কেইবাটাও স্থানীয় দল-সংগঠনে ৷ জিলাখনৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ তেলগৰমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য একাংশ দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 ৰ খচৰা বাতিলৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কঁপাই তোলে ৰাজপথ ।
লগতে চাওকঃ গছৰ তলত উদ্ধাৰ যুৱতীৰ মৃতদেহ