ETV Bharat / state

কৰ’ণা সংক্ৰমণৰ মাজতে পালন চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস - সংবাদমেল

গোলাঘাটত উদযাপন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সমিতিয়ে সম্বোধন কৰে এক সংবাদমেল ৷ চুতীয়া জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সন্থাই ৷

Pressmeet of All assam Chutia Student Union in Golaghat assam etv bharat news
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
author img

By

Published : Sep 11, 2020, 6:04 PM IST

গোলাঘাট,11 ছেপ্তেম্বৰ: গোলাঘাটত শুকুৰবাৰে উদযাপন কৰা হয় সদৌ অসম চুতীয়া ছাত্র সন্থাৰ পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ বীৰাংগণা সতী-সাধনী ক্ষেত্ৰত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ এটা দল ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত কাৰ্যসূচীত পতাকা উত্তোলন, সতী সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পিছতে এক সংবাদমেল সম্বোধন কৰে সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিসকলে ।

কেন্দ্ৰীয় প্ৰতিনিধিৰ সংবাদমেল সম্বোধন

উক্ত সংবাদমেলৰ জৰিয়তে সন্থাই বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যৰ অন্যতম চুতীয়া জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে । লগতে জনগোষ্ঠীটোক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সন্থাটোৱে ৷ বৰঞ্চ স্বায়ত্ব শাসিত পৰিষদৰ পৰাও চৰকাৰে বঞ্চিত কৰিছে চুতীয়া সকলক । যাৰ বাবে 19 ছেপ্তেম্বৰৰ পৰা 15 নৱেম্বৰলৈ এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে চুতীয়া জনগোষ্ঠীটোৱে ৷ পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে চুতীয়াসকলক স্বায়ত্ব শাসনৰ লগতে জনজাতিকৰণৰ মৰ্যদা দিবলৈ চৰকাৰক সংবাদমেলখনৰ জৰিয়তে দাবী উত্থাপন কৰে ৷ চুতীয়াসকলৰ সুৰক্ষাৰ বাবে শীঘ্ৰে যোৰহাটৰ টীয়কত এক ৰাজনৈতিক মঞ্চ গঠন কৰাৰ কথা ঘোষণা কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিবৰ্গই ৷

Pressmeet of All assam Chutia Student Union in Golaghat assam etv bharat news
কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন চুতীয়া ছাত্ৰ সন্থাৰ

লগতে চাওকঃ দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.