ETV Bharat / state

চৰকাৰৰ সিদ্ধান্তবোৰ অপৰিকল্পিতঃ অজন্তা নেওগ - অজন্তা নেওগ

সোমবাৰে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে তেওঁৰ গোলাঘাটৰ এৰেংগাপাৰাস্থিত নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে । শেহতীয়াকৈ অসমৰ চৰকাৰৰ কেবিনেটে লোৱা ভূমি নীতিৰ সিদ্ধান্তক সম্পূৰ্ণ একপক্ষীয় সিদ্ধান্ত বুলি আখ্যা দিয়ে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।

প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল
প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল
author img

By

Published : Jul 6, 2020, 7:01 PM IST

গোলাঘাট, 6 জুলাইঃ সোমবাৰে গোলাঘাটৰ এৰেংগাপাৰাস্থিত নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে । কৰ'ণা মহামাৰীৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেটত লোৱা ভূমি নীতিৰ অধ্যাদেশ জাৰিৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে । তেওঁ চৰকাৰে জাৰি কৰা ভূমি নীতিৰ অধ্যেদেশক খীলঞ্জীয়া বিৰোধী আখ্যা দি, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নকৰাটো এটা আত্মঘাটী বিষয় হ'ব বুলি উল্লেখ কৰে । ভিন্ন কাৰণত ৰাজ্যত তেনেই সংকোচিত হৈ অহা কৃষিভূমি এই নীতি অনুসৰি পুঁজিপতি, ভূ-মাফিয়া আদিৰ হাতত পৰিব । যিটো খীলঞ্জীয়া লোকৰ বাবে এক আত্মঘাটী সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰি, চৰকাৰৰ এই সিদ্ধান্তক এপপক্ষীয় সিদ্ধান্ত বুলি উল্লেখ কৰে ।

প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল

ৰাইজে নিৰ্বাচন কৰি গঠন কৰা চৰকাৰখনে সিদ্ধান্তবোৰ ৰাইজক অন্ধকাৰত ৰাখি লোৱা সিদ্ধান্ত বুলিও সংবাদমেলযোগে উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে । ৰাইজৰ লগত আলোচনাৰ মাধ্যমেৰে ল'বলগীয়া সিদ্ধান্ত সন্তৰ্পনে লোৱাটো উচিত নহয় বুলি কয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে । ইয়াৰ পূৰ্বেও অসমৰ লোকক বলপূৰ্ৱকভাৱে CAA জাপি দিয়া হ'ল । যিয়ে সমগ্ৰ জাতিটোলৈ সংকট নমাই আনিলে । আকৌ এনে ভূমি নীতিৰ অধ্যাদেশ জাৰি কৰিলে অসম চৰকাৰে, যিয়ে অসমৰ ভূমিলৈ সংকট নমাই আনিব । তেনে স্থলত আৰু কি বাকী থাকিব বুলি অজন্তা নেওগে চৰকাৰলৈ এক প্ৰশ্ন উত্থাপন কৰে । আনহাতে দুবাৰকৈ জাৰি কৰা লক ডাউনৰ বাবে সাধাৰণ জনতা সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে । এনে লক ডাউনৰ সিদ্ধান্তৰ লগতে, চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বোৰক অপৰিকল্পিত আখ্যা দি চৰকাৰখনৰ অহংকাৰ হৈছে বুলি কয় তেওঁ । কিয়নো গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে যেনেদৰে কাম কৰিব লাগিছিল তেনেদৰে কৰা নাই বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে ।

লগতে পঢ়কঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল ধুবুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.