গোলাঘাট, 11 ডিচেম্বৰ : গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ দেশৰ ৰাষ্ট্ৰপতিৰ স্বীকৃতি(Presidential Recognition to Bhupen Hazarika) ৷ চলিত বৰ্ষৰ ৬ ডিচেম্বৰত গুৱাহাটীৰ পানীখাইতিস্থিত গৃহৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত জোৱান ভূপেন হাজৰিকাক প্ৰদান কৰা হয় ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত এখন মানপত্ৰ (A certificate signed by the President of India) ৷
কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ দেৱেশ্বৰী বন শিৱিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ভুপেন হাজৰিকাই ২০১০ চনৰ ১২ ডিচেম্বৰৰ নিশা গঁড় চিকাৰীৰ লগত সাহসিকতাৰে যুঁজি (Fight against rhino poaching) অস্ত্ৰসহ গঁড়ৰ খৰ্গ উদ্ধাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে প্ৰদান কৰা হৈছে এই স্বীকৃতি ৷
চোৰাং চিকাৰীৰ সৈতে বনাঞ্চলৰ ভিতৰত হোৱা সমূখ সমৰত গৃহৰক্ষী বাহিনীৰ জোৱান ভূপেন হাজৰিকাক সংগ দিছিল তেওঁৰ সহকৰ্মী গংগা বৰা আৰু ৰুস্তম তিমুঙে ৷ এই সমৰত উক্ত নিশা গঁড় হত্যাৰ পিছতে ঘটনাস্থলীলৈ বুলি ৰাওঁনা হোৱা ভূপেন হাজৰিকা আৰু তেওঁৰ সহকৰ্মীসকলক নৰেণ পেগু নামৰ দুধৰ্ষ চোৰাংচিকাৰীৰ এটা দলে বনাঞ্চলৰ ভিতৰতেই প্ৰত্যাহ্বান জনাই গুলীৰে আক্ৰমণ কৰিছিল ৷ যাৰ প্ৰত্যুত্তৰত ভূপেন হাজৰিকা আৰু তেওঁৰ সহকৰ্মীসকলেও চোৰাং চিকাৰীৰ দলটোলৈ বুলি গুলীচালনা কৰিছিল(Bullets between forest workers and poachers) ৷ যাৰ ফলত দুধৰ্ষ চোৰাংচিকাৰী নৰেণ পেগুৰ ঘটনাস্থলীতে মৃত্যু হৈছিল(poacher died at kaziranga) ৷ এই ঘটনাৰ পিছতে ভূপেন হাজৰিকা আৰু তেওঁ দলে নিহত চোৰাংচিকাৰী নৰেণ পেগুৰ পৰা হত্যা কৰা গঁড়ৰ খৰ্গ, এটা বন্দুক, এটা পিষ্টল আৰু বহু সংখ্যক গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷
ঘটনাৰ ১০ টা বছৰৰ পিছত এই সাহসিকতাৰ বাবেই গৃহৰক্ষী জোৱান ভূপেন হাজৰিকাক ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত এখনি মানপত্ৰ পদক প্ৰদান কৰা হয় ৷ গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ আগবঢ়োৱা এই স্বীকৃতিয়ে কাজিৰঙাৰ বনকৰ্মী সকলকো দিছে অনুপ্ৰেৰণা ৷
লগতে পঢ়ক : সৰুপথাৰত মুকলি সাপ্তাহিক মহিলা বজাৰ