গোলাঘাট, 25 জুনঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাত শীৰ্ষ দহটাৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰাপ্তি বৰুৱাই ৷ গোলাঘাটৰ ঘিলাধাৰী জেৰপাই গাঁৱৰ দ্বীপেন বৰুৱা আৰু মঞ্জু বৰুৱাৰ কন্যা প্ৰাপ্তি ফৰকাটিং জুনিয়ৰ কলেজৰ ছাত্ৰী ৷ সৰ্বমুঠ 468 নম্বৰ লাভ কৰি অষ্টম স্থান দখলেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী গৰাকীৰ পৰিয়ালটো আৰ্থিভাৱে যথেষ্ট দুৰ্বল ৷ যাৰ বাবে মেধাৱী ছাত্ৰী গৰাকীৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ সমগ্ৰ দায়িত্ব বহন কৰিছিল মহেন বৰা ফাউণ্ডেচনে ৷
প্ৰাপ্তিৰ এই সফলতাই উৎফুল্লিত কৰি তুলিছে সকলোকে ৷ কন্যাৰ সফলতাত সুখ প্ৰকাশ কৰি পিতৃয়ে সমগ্ৰ কৃতিত্ব মহাবিদ্যলয়খনৰ কৰ্তৃপক্ষক প্ৰদান কৰাৰ লগতে, মেধাৱী ছাত্ৰীগৰাকীয়েও কৃতজ্ঞতা জ্ঞাপন কৰে মহাবিদ্যলয়ৰ শিক্ষকসকলক ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ বাবেই ছাত্ৰীগৰাকীৰ এই সাফল্য সম্ভৱ হৈছে বুলি উল্লেখ কৰে পিতৃয়ে ৷ পৰৱৰ্তী সময়ত ৰাজনীতি বিজ্ঞানক গুৰু বিষয় হিচাপে লৈ, ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য মেধাৱী ছাত্ৰী গৰাকীৰ ৷
লগতে পঢ়কঃ 469নম্বৰেৰে সপ্তম স্থানত উজলিল গোলাঘাটৰ অমিতেশ নাথ