গোলাঘাট, 31 জুলাই : জনসেৱাৰ্থে, জনহিতাৰ্থে ! আৰক্ষীৰ খাকী পোছাকত থকা মহা মূল্যৱান শব্দ কেইটাত কালিমা সানিছে স্বয়ং একাংশ আৰক্ষীয়ে । গোলাঘাটৰ দেৰগাঁৱত সংঘটিত হৈছে আইনৰ শপত লোৱা আৰক্ষীৰ দ্বাৰা আইন বিৰোধী কৰ্মকাণ্ড ।
তেলচুৰি চক্ৰৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ গোলাঘাটৰ দেৰগাঁৱত আৰক্ষীৰ ভাবুকিৰ সন্মুখীন হ'ল চামিম আখতাৰ নামৰ এজন যুৱক । আৰক্ষীৰে সু-সম্পৰ্ক থকাৰ বাবেই ঘৰৰ ভিতৰতে হিন্দী চিনেমাৰ কায়দাৰে প্ৰৱেশ কৰি চাৰি তেল চোৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে পিতা-পুত্ৰক ।
দেৰগাঁৱৰ চিতল পথাৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছে চোৰাং তেলৰ ব্যৱসায় । অভিযোগ মতে, আৰক্ষীক মেনেজ কৰি তেল চুৰি চক্ৰই চলাই আহিছে এই ব্যৱসায় ।
তেল চুৰি চক্ৰৰ ভিডিঅ' কৰাৰ বাবে তেল মাফিয়া ছাইফুদ্দিন আহমেদ, চৰিফুদ্দিন আহমেদ, টফিকুৰ ৰহমান, আটিকুৰ ৰহমানে মাজনিশা ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ৰডেৰে মৰিয়াই আহত কৰে এজন যুৱকৰ লগতে পিতৃক ।
আনহাতে তেল চুৰি চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে দেৰগাঁও আৰক্ষীয়েও ভাবুকি দিয়ে যুৱকজনক । ঘটনা সন্দৰ্ভত গোলাঘাটৰ আৰক্ষী অধীক্ষককো অৱগত কৰা হৈছে যদিও এজনো তেল মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী ।
লগতে পঢ়ক : ঐতিহ্য ক্ষেত্ৰ ৰূপে সংৰক্ষিত হ’বলগীয়া 1900 চনৰ এটা গৃহ