ETV Bharat / state

সৰুপথাৰত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : May 27, 2021, 12:35 PM IST

শেহতীয়াকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় ৷ আৰক্ষীয়ে এই অভিযানত ১ নং পদুমণি গাঁৱৰ পৰা বেণুধৰ গগৈ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰে ৷

police-finds-drugs-with-a-peddler-in-sarupathar-in-a-mission-
সৰুপথাৰত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ

গোলাঘাট, 27 মে’: শেহতীয়াকৈ অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে ৷ ড্ৰাগছৰ বিৰুদ্ধে চলা এই অভিযানৰ অংশ হিচাপে অসম নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰতো আৰক্ষীয়ে চলালে অভিযান।

বুধবাৰে, নিশা ধনশিৰি মহকুমা আৰক্ষী বিষয়া আৰু সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গৰাকীৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত ১ নং পদুমণি গাঁৱৰ পৰা বেণুধৰ গগৈ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰে ৷

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি সৰুপথাৰৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বেহা চলি থকাৰ অভিযোগ উঠি আহিছে ৷ আৰক্ষীয়ে এই ড্ৰাগছ ব্যৱসায়ৰ লগত এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা ধৃত ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ জৰিয়তে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :বিজনীত ড্ৰাগছ বিৰোধী অভিযানত আটক 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.