ETV Bharat / state

কৃষি কেলেংকাৰী : গোলাঘাটত হিতাধিকাৰীৰ তালিকাত ভুৱা কৃষক !

গোলাঘাটত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ব্যাপক অনিয়ম ৷ একাংশ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত তালিকা প্ৰস্তুত হোৱাৰ বাবে এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে ৰাইজে ৷

PM Kisan Samman Nidhi Scam across Assam  Poor farmers fooled in the name of agriculture scheme
গোলাঘাটত প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিত অনিয়ম
author img

By

Published : May 11, 2020, 10:41 AM IST

গোলাঘাট, 11 মে' : লক্ ডাউনৰ মাজতে গোলাঘাটত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ ৷ গোলাঘাটৰ মৰঙী উন্নয়ন খণ্ডৰ অধীনৰ মুৰফুলনী গাঁও পঞ্চায়ত, দৈগ্ৰোঙ গাঁও পঞ্চায়ত আৰু ৰংবং গাঁও পঞ্চায়তকে ধৰি বহু কেইখন পঞ্চায়তত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰণক লৈ ব্যাপক অনিয়ম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

গোলাঘাটত প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিত অনিয়ম

গাঁওবাসীৰ অভিযোগ অনুসৰি, পঞ্চায়তটোত নিশাৰ ভিতৰতে সৃষ্টি হৈছে একাংশ ভুৱা কৃষকৰ ৷ আনকি একাংশ প্ৰতিনিধিৰ অঙহী-বঙহীক কৃষক সজাই ধন হৰলুকী কৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰ বাবে প্ৰকৃত কৃষকৰ সলনি হিতাধিকাৰীৰ তালিকাত স্থান পাইছে কৃষিভূমি নথকা বহুতো ভুৱা কৃষকে ।

একাংশ ৰাজনৈতিক নেতাৰ অহেতুক হস্তক্ষেপত প্ৰস্তুত হোৱাৰ বাবে এই অনিয়ম হোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷ যাৰবাবে উক্ত বিষয়টোত বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰি উচিত তদন্ত বিচাৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰঃ অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.