ETV Bharat / state

আঠখেলীয়া নামঘৰত নিষিদ্ধ পলিথিন - আঠখেলীয়া নামঘৰ

ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰলৈ অহা সেৱকীসকলক ঘৰলৈ প্ৰসাদ নিবলৈ লগত হাঁচতি বা অন্য ব্যৱস্থা নিজাকৈ কৰাৰ আহ্বান নামঘৰ পৰিচালনা সমিতিৰ । সমগ্ৰ দেশতে পলিথিন জাতীয় সামগ্ৰী নিষিদ্ধ হোৱাৰ পাছত সেৱকীসকললৈ এই অনুৰোধ আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ ৷

আঠখেলীয়া নামঘৰত নিষিদ্ধ পলিথিন
author img

By

Published : Oct 4, 2019, 2:51 PM IST

গোলাঘাট, 4 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰ পলিথিনৰ কেৰিবেগ নিষিদ্ধ কৰাৰ ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিয়ে । নামঘৰৰ পৰিচালনা সমিতিয়ে নামঘৰলৈ অহা সেৱকীসকলক ঘৰলৈ প্ৰসাদ নিবলৈ পলিথিনৰ কেৰিবেগ যোগান নধৰাৰ সিদ্ধান্ত লৈছে । সমিতিয়ে সেৱকীসকলক প্ৰসাদ নিবলৈ নিজাকৈ হাঁচতি বা অন্য ব্যৱস্থা কৰাৰ আহ্বান জনাইছে৷

আঠখেলীয়া নামঘৰত নিষিদ্ধ পলিথিন

সমিতিয়ে লগতে নামঘৰত শৰাই দিবলৈ তথা অৰ্চনা কৰিবলৈ অহা সেৱকীসকলক শৰাইৰ লগত 20 খন প্ৰসাদ গ্ৰহণ কৰিব পৰা কলপাত আনিবলৈ অনুৰোধ জনায় । কাৰণ সমিতিয়ে পূৰ্বৰ পলিথিনৰ কেৰিবেগৰ পৰিবৰ্তে ঘৰলৈ দিবলগা প্ৰসাদ কলপাততহে প্ৰদান কৰিব । উল্লেখ্য যে, পৱিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত সেৱকীক প্ৰসাদ দিবলৈ দৈনিক 15 ৰ পৰা 20 কিলো পলিথিনৰ কেৰিবেগ প্ৰয়োজন হৈছিল । যাৰবাবে বছেৰেকত পলিথিনৰ কেৰিবেগৰ নামত নামঘৰৰ পুঁজিৰ পৰা ব্যয় হৈছিল প্ৰায় 3/4 লাখ টকা ।

Intro:দুই অক্টোবৰৰ পৰা সমগ্ৰ দেশতে পলিথিন জাতীয় সামগ্ৰী নিষিদ্ধ হোৱাৰ পাছতেই ঐতিহ্য মণ্ডিত আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ সেৱকী সকললৈ কাতৰ অনুৰোধ । নামঘৰলৈ অহা সেৱকী সকলে যাতে এতিয়াৰে পৰা ঘৰলৈ প্ৰসাদ ভাগি নিবলৈ লগত হাচতি বা অন্য ব্যৱস্থা নিজাকৈ কৰে । পলিথিন নিষিদ্ধ ঘোষণা কৰাৰ লগে লগে আঠখেলীয়া নামঘৰত এতিয়া পলিথিনৰ বাবদ বছৰি ৰাহি হব 3/4 লাখ টকা ।
Body:- দুই অক্টোবৰৰ পৰা দেশজুৰি নিষিদ্ধ ঘোষণা কৰা হল পলিথিন । বন্ধ হল পলিথিনৰ কেৰিবেগ । পলিথিনৰ কেৰিবেগ নিষিদ্ধ কৰাৰ লগে লগে গোলাঘাট জিলাৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত বছৰি ৰাহি হব প্ৰায় 3/4 লাখ টকা । কেন্দ্ৰীয় চৰকাৰৰ এনে ঐতিহাসিক সিদ্ধান্তক আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে আদৰণি জনোৱাৰ লগতে সেৱকী সকললৈও কাতৰ আহ্বান , নামঘৰলৈ আহোতে লগত যাতে হাচতি বা অন্য সামগ্ৰী লৈ আহে । কাৰণ এতিয়ৰে পৰা ঘৰলৈ নিব লগা প্ৰসাদ ভাগিৰ বাবে নামঘৰে পলিথিনৰ কেৰিবেগ যোগান নধৰে । লগতে সকলো সেৱকীলৈ আহ্বান জনায় নামঘৰ পৰিচালনা সমিতিয়ে কয় যে শৰাই অৰ্চন কৰিবলৈ অহা সেৱকী সকলে অন্ততঃ শৰাইৰ লগত 20 খন প্ৰসাদ গ্ৰহণ কৰিব পৰা কলপাত আনে । কিয়নো পূৰ্বৰ পলিথিনৰ কেৰিবেগৰ পৰিবৰ্তে ঘৰলৈ দিবলগা প্ৰসাদ কলপাততহে প্ৰদান কৰিব । উল্লেখ্য যে বিশেষকৈ পৱিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত সেৱকীক প্ৰসাদ দিবলৈ দৈনিক 15 ৰ পৰা 20 কিলো পলিথিনৰ কেৰিবেগ প্ৰয়োজন হৈছিল । বছেৰেকত পলিথিনৰ কেৰিবেগৰ নামত নামঘৰৰ পুঁজিৰ পৰা ব্যয় হৈছিল প্ৰায় 3/4 লাখ টকা । একেসময়তে প্ৰত্যেক লোকক অন্ততঃ দুজোপা কলগছ ৰুবলৈ আহ্বান জনালে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে ।
Conclusion:Byte 1-- সভাপতি , আঠখেলীয়া নামঘৰ
Byte 2 -- সেৱকী
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.