ETV Bharat / state

উন্নয়নৰ নমুনা: চাৰিডাল লোহাৰ চিৰিৰে সংযোগ ১০ খন গাঁৱক

author img

By

Published : Jun 6, 2021, 7:58 AM IST

বছাপথাৰ আমগুৰি সংযোগী এটা পথৰ ওপৰত থকা চাৰিডাল লোহাৰ চিৰিৰে প্ৰায় দহখন গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি গন্তব্যস্থল অভিমুখে যাত্ৰা কৰি থকাৰ ফলত বিপদৰ সমুখীন হৈছে বহুবাৰ ৷

people-of-several-villages-are-using-a-low-quality-bridge-to-connect-road
চাৰিডাল লোহাৰ চিৰিৰে ৯/১০ খন গাঁৱৰ ৰাইজে সংযোগ কৰিছে যাত্ৰাপথ

সৰুপথাৰ,6 জুন: ৰাজ্যত নতুন চৰকাৰ আহিল, ইয়াৰ পূৰ্বে অহা ইখনৰ পিছত সিখন চৰকাৰৰ কোনো এখনৰ দিনতে ৰাজ্যবাসীৰ বাট-পথ, দলং আদিৰ অসুবিধাৰ স্থায়ী সমাধান নোলাল ৷ এনে সমস্যাৰে সন্মুখীন হৈছে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ ৰাইজ ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ (Sarupathar LAC) অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ বছাপথাৰ আমগুৰি সংযোগী এটা পথৰ ওপৰত থকা এখন দলঙকলৈ বিপাঙত পৰিছে ৰাইজ ৷ দলঙৰ নামত থকা চাৰিডাল লোহাৰ চিৰিৰে মৰণত শৰণ দি প্ৰায় ৯/১০ খন গাঁৱৰ ৰাইজে গন্তব্যস্থল অভিমুখে দীৰ্ঘদিনে যাত্ৰা কৰি আহিছে ।

বিকশিত অসমৰ উন্নয়নৰ নমুনা

স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰা মতে, তেওঁলোকে বাৰম্বাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এখন স্থায়ী দলং নিৰ্মাণ কৰিবৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু লক্ষণীয় বিষয় যে, আজিকোপতি কোনো এখন চৰকাৰ (Government) বা জন প্ৰতিনিধিয়ে কাণসাৰ দিয়া নাই গাঁৱবাসীৰ এই সমস্যাক ৷

পূৰ্বে এনেদৰে পাৰ হওঁতে বহুবাৰ দুৰ্ঘটনা ঘটি একাংশ লোক আহত হোৱাৰ বিপৰীতে গৰু-ম’হৰ মৃত্যু হৈছে বহুবাৰ । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক (responsible authority) শীঘ্ৰে এখন স্থায়ী দলং নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীত যুৱ কংগ্ৰেছৰ(IYC) প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.