বোকাখাত,২৬ ফেব্ৰুৱাৰী : তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ (President Ram Nath Kovind in Assam)। গুৱাহাটীত উপস্থিত হৈয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰি শংকৰদেৱ কলাক্ষেত্ৰৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে । ইফালে শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ লগতে তেওঁৰ পত্নী আৰু কন্যা ।
ইফালে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনালে বোকাখাতবাসীয়ে । ইফালে ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সজাই পৰাই তোলা হৈছে বোকাখাত নগৰ । ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাবলৈ ৰাজপথৰ কাষত পুৱাৰ পৰাই ভিৰ কৰে বিভিন্ন জনে । সাংস্কৃতিক দলসমূহে ৰাষ্ট্ৰপতিক আদৰণি জনাই ।
উল্লেখ্য যে তেজপুৰৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশেষ হেলিকপ্টাৰেৰে বোকাখাতত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী । তাৰ পাছতে বোকাখাতৰ পৰা স্থলপথেৰে কাজিৰঙালৈ যাত্ৰা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে । কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে বোকাখাতত উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতিগৰাকীক । ৰাষ্ট্ৰপতিগৰাকীয়েও বাহনৰ পৰা নামি উপস্থিত ৰাইজক হাত জোকাৰি সম্ভাষণ জনায় ।
লগতে পঢ়ক :Ram Nath Kovind Assam Visit: ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত নিহত এজন