ETV Bharat / state

মন্ত্ৰী অতুল বৰাৰ গৃহ জিলাৰ হাতীয়েখোৱা ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা - পশু চিকিৎসা

পশু চিকিৎসাৰ বাবে ঔষধ উপলব্ধ থকাৰ বিপৰীতে হাতীয়েখোৱা ৰাজ্যিক পশু চিকিৎসালয়ৰ চৌহদ ভৰি পৰিছে সুৰাৰ খালী বটলেৰে ৷ ইয়াৰোপৰি অভিযোগ অনুসৰি পৰিত্যক্ত অৱস্থাত থকা আৱাসিক ঘৰ সমূহ বৰ্তমান হৈ পৰিছে জুৱা খেলৰ উপযুক্ত স্থান ৷

মন্ত্ৰী অতুল বৰাৰ গৃহ জিলা
মন্ত্ৰী অতুল বৰাৰ গৃহ জিলা
author img

By

Published : Mar 13, 2020, 1:44 AM IST

খুমটাই, 12 মাৰ্চঃ মন্ত্ৰী অতুল বৰাৰ গৃহ জিলাৰ হাতীয়েখোৱা ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা ৷ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত এই চিকিৎসালয়খনত পশু চিকিৎসাৰ বাবে ঔষধ উপলব্ধ থকাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এক বিপৰীতধৰ্মী ছবি ৷ চিকিৎসালয় খনৰ চৌহদত এতিয়া ভৰি পৰিছে সুৰাৰ খালী বটলেৰে ৷ ইয়াৰোপৰি অভিযোগ অনুসৰি পৰিত্যক্ত অৱস্থাত থকা আৱাসিক ঘৰ সমূহ বৰ্তমান হৈ পৰিছে জুৱা খেলৰ উপযুক্ত স্থান ৷ বৃহত্তৰ কাকডোঙা অঞ্চলৰ 65 খন গাঁৱৰ ৰাইজৰ পশুধনৰ চিকিৎসা সেৱাৰ বাবে স্থাপিত কৰা হৈছিল এই ৰাজ্যিক পশু চিকিৎসালয়খন ৷ কিন্তু বিভাগীয় কোনো ব্যৱস্থা গ্ৰহণ নকৰীৰ ফলত চিকিৎসালয়খন বৰ্তমান জৰাজীৰ্ণ অৱস্থাত উপনীত হৈছে ৷

হাতীয়েখোৱা ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা

আনহাতে চিকিৎসালয়খনত এগৰাকী চিকিৎসক নিযুক্তি দিয়া হৈছিল যদিও বহুদিন ধৰি চিকিৎসালয়খনত উপস্থিত হোৱা নাই তেওঁ ৷ 2 বিঘাৰো অধিক অঞ্চল আৱৰি থকা এই চিকিৎসালয়খনৰ চৌহদত থকা গছ-গছনি কাটিও ধ্বংস কৰিছে একাংশ লোকে ৷

লগতে পঢ়কঃ বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বন্ধ হৈ পৰিব চাহ উদ্যোগঃ ৰূপজ‍্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.