ETV Bharat / state

ফুটুকাৰ ফেনত পৰিণত খুমটাইৰ চৌকনাৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰকল্প

author img

By

Published : Jun 17, 2019, 5:32 PM IST

তিনিটা বছৰে মুকলি নহ'ল খুমটাইৰ চৌকনা হস্ততাঁত বস্ত্ৰশিল্প প্ৰকল্পৰ ৷ হাবি-জংঘলেৰে আৱৰি ধৰিছে প্ৰকল্পটোৰ চৌহদ ৷

চৌকনা হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰকল্প

খুমটাই, 17 জুন : আজি পৰ্যন্ত মুকলি নহ'ল খুমটাইৰ চৌকনা হস্ততাঁত বস্ত্ৰশিল্প প্ৰকল্পৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহাৰ্য আঁচনিৰ অধীনত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সহযোগত টাই আহোম উন্নয়ন পৰিষদ অসমৰ দ্বাৰা সমষ্টিটোৰ মহিলাসকলক হস্ততাঁত-বস্ত্ৰশিল্পৰ লগত জড়িত বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যেৰে তিনিবছৰ পূৰ্বে আৰম্ভ হৈছিল প্ৰকল্পটোৰ কাম ৷ প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটো আজিও ৰাইজৰ বাবে মুকলি কৰি দিয়া নহ'ল ৷

চৌকনা হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰকল্প

তাৰ বিপৰীতে হাবি-জংঘলেৰে প্ৰকল্পটোৰ চৌহদ আৱৰি ধৰাৰ লগতে প্ৰকল্পটোলৈ প্ৰৱেশ কৰিবলৈ একাঁঠু বোকা গছকি যাব লগা হয় ৷ ইপিনে প্ৰকল্পটোত বহু মূল্যবান জেনেৰেটৰ স্থাপন কৰা হৈছিল যদিও ইতিমধ্যে মামৰে ধৰিবলৈ আৰম্ভ কৰিছে সামগ্ৰীসমূহত গৃহটোৰ । আনহাতে ইতিমধ্যে প্ৰায় অংশতেই ডাঙৰ ডাঙৰ ফাঁট মেলিবলৈ আৰম্ভ কৰিছে । ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই বৰ্তমানে এই প্ৰকল্প এনেদৰে জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । লগতে স্থানীয় ৰাইজৰ দাবী, অতি শীঘ্ৰে প্ৰকল্পটো মুকলি কৰি ৰাইজক আগবঢ়াই দিয়ক চৰকাৰে ৷

Intro:খুমটাইৰ চৌকনা হস্ত তাত বস্ত্ৰ শিল্পীৰ প্ৰকল্প যোৱা১৫,১৬বষৰ্তে কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হৈছিল। প্ৰায় ১কোটি টকাৰ ব্যয়ৰে মহিলা সকলক স্বাৱলম্বী কৰি তুলিবলৈ বিভিন্ন ধৰনৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে এই প্ৰকল্প স্থাপন কৰিছিল।Body:কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহাৰ্য্য আচনীৰ অধীনত অসম চৰকাৰৰ হস্ত তাত বস্ত্ৰ শিল্প বিভাগৰ সহয়োগত তাই আহোম উন্নয়ন পৰিষদ অসমৰ দ্বাৰা সমষ্টি তোৰ মহিলা সকলক হস্ত তাত বস্ত্ৰ শিল্পৰ লগত জড়িত বিভিন্ন দিসত প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী তা হব পৰাকৈ আগুৱাই নিয়াৰ মূল উদ্দেশ্য আছিল।কিন্তু বত্তমানে এই গৃহতি ৰাইজৰ বাবে মুকলি নহল আজি তিনি বছৰে। গৃহতি ইতিমধ্যে প্ৰায় অংশতেই ডাঙৰ ডাঙৰ ফাট মেলিবলৈ আৰম্ভ কৰিছে। প্ৰকল্প তোলৈ প্ৰবেশ কৰিবলৈ একাঠু বোকা গছকি যাব লগা হয়।ইতিমধ্যে হাবি জংঘলে আবৰি ধৰিছে উক্ত প্ৰকল্প তো।বহু মূল্যবান এটা জেনেৰেতৰ স্থাপন কৰিছিল যদিও ইতিমধ্যে মামৰ ধৰিবলৈ আৰম্ভ কৰিছে। এই গৃহ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল গুৱাহাটীৰ এজন ঠিকাদাৰে।এই ঠিকাদাৰ জনে নিম্নমানৰ কাম কৰিছে বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে।প্ৰকল্পতি সোনকালে মুকলি কৰি ৰাইজক আগবঢ়াই দিবৰ বাবে বত্তৰ্মানৰ চৰকাৰে কি বেৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হব।Conclusion:Byte-. স্থানীয় ব্যক্তি।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.