ETV Bharat / state

নাৰ্চৰ অৱহেলাৰ বাবেই মৃত্যু যুৱকৰ

author img

By

Published : Aug 16, 2020, 4:16 PM IST

গোলাঘাটত নাৰ্চৰ মইমতালিৰ বাবেই এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ চিকিৎসকে নিৰ্দেশ দিয়াৰ পিছতো যুৱক জনক নাৰ্চে চিকিৎসা নকৰাৰ বাবে মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালে ৷

One Youth Dead Without Treatment From Swahid Kushal Kownar Civil Hospital
গোলাঘাটত চিকিৎসা অবিহনে মৃত্যু এজন যুৱকৰ

গোলাঘাট, 16 আগষ্টঃ পুনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ নাৰ্চৰ ময়মতালিৰ বাবেই এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়াল তথা স্থানীয় লোকৰ ৷

উল্লেখ্য যে, গোলাঘাট তপন নগৰৰ ৰাজ মজুমদাৰ নামৰ এজন যুৱকৰ অতিপাত পেটৰ বিষ হোৱাৰ বাবেই গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ পৰিয়ালে লৈ গৈছিল ৷ ইফালে চিকিৎসকে যুৱকজনক চাই চিটি ঔষধ-বেজি লিখি দিছিল চিকিৎসাৰ বাবে ৷

কিন্তু অতি দুখৰ বিষয় যে, চিকিৎসকে পৰামৰ্শ দিয়াৰ পিছতো চিকিৎসালয় খনৰ নাৰ্চে জৰুৰী কালীন ভাবে ৰাজ মজুমদাৰৰ ক'ভিদ টেষ্ট কৰোৱাৰ পিছত হে চিকিৎসা কৰা হ'ব বুলি জনায় ৷ কিন্তু যুৱক জনৰ অৱস্থা অতি সংকট জনক আছিল বাবেই নাৰ্চক চিকিৎসা প্ৰদান কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো নাৰ্চে কোনো ধৰণৰ চিকিৎসা প্ৰদান নকৰিলে বুলি গুৰুতৰ অভিযোগ তোলে পৰিয়ালে ৷ অৱশেষত চিকিৎসা অবিহনেই যুৱক জনৰ মৃত্যু হোৱাৰ অভিযোগ কৰে পৰিয়াল তথা স্থানীয় লোক সকলে ৷

উল্লেখযোগ্য যে, ইতিমধ্যে জৰুৰী কালীন অৱস্থাৰ বাবে চিকিৎসালয়ত কৰ্মৰত নাৰ্চক ৰেপিড টেষ্টৰ প্ৰশিক্ষণ দিয়া হৈছিল যদিও স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাক গুৰুত্ব নিদি মইমতালি ভাবে নাৰ্চে দায়িত্ব পালন কৰি আছে বুলি অভিযোগ কৰে ৰাইজে ৷ উক্ত ঘটনাটোৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক- নিজ পিতৃ-মাতৃক মৰিয়াই হত্যা কৰিলে পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.