ETV Bharat / state

দেশজুৰি তোলপাৰ লগোৱা সুৰা ট্ৰেজেডীৰ এটা বছৰ

author img

By

Published : Feb 21, 2020, 11:14 PM IST

এবছৰ সম্পূৰ্ণ হ'ল দেশজুৰি তোলপাৰ লগোৱা গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ ৷ শালমৰা চাহ বাগিছাত বৰ্তমান সুৰা সেৱনৰ পৰিমাণ কিছু হ্ৰাস পাইছে যদিও, কম বেছি পৰিমাণে এতিয়াও অব্যাহত আছে সুৰা সেৱন ৷

সুৰা ট্ৰেজেডীৰ এটা বছৰ
সুৰা ট্ৰেজেডীৰ এটা বছৰ

গোলাঘাট, 21 ফেব্ৰুৱাৰীঃ এটা বছৰ পাৰ হ'ল দেশজুৰি তোলপাৰ লগোৱা গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ ৷ বিগত বছৰৰ ২১ ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতে বিষাক্ত চুলাই মদে প্ৰাণ লৈছিল তিনিজন লোকৰ ৷ এই ঘটনা প্ৰথমে সংঘটিত হৈছিল শালমৰা চাহ বাগিছাত ৷ তাৰ পৰৱৰ্তী সময়ত ইটোৰ পিচত সিটোকৈ মৃত্যুৰ বিভীষিকাই ছানি ধৰিছিল শতাধিক লোকৰ জীৱনক ৷

সুৰা ট্ৰেজেডীৰ এটা বছৰ

শালমৰা চাহ বাগিছাৰ লগতে গোলাঘাট আৰু যোৰহাট জিলাতো বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হৈছিল প্ৰায় ডেৰ শতাধিকতকৈ অধিক লোকৰ ৷ এবছৰৰ পিচতো সেই ক'লা দিনটোৰ স্মৃতিয়ে শিহঁৰিত কৰি তোলে বাগিছাখনৰ ৰাইজক ৷ বাগিছাখনত বৰ্তমান সুৰা সেৱনৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও,এতিয়াও গা লৰা নাই একাংশ শ্ৰমিকৰ ৷ সুৰা ট্ৰেজেডি ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকাই শংকিত কৰি তুলিছে স্থানীয় লোকক ৷

লগতে পঢ়কঃ

শিৱৰাত্ৰি উপলক্ষে চক্ৰেশ্বৰ মন্দিৰত ব্যাপক পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.