ETV Bharat / state

চৰকাৰী শৌচালয়ৰ দেৱাল খহি গুৰুতৰভাৱে আহত মহিলা - চৰকাৰী অনাময় আঁচনি

গোলাঘাট জিলাৰ থুৰামুখত অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কৰা অনাময় আঁচনিৰ শৌচালয়ৰ দেৱাল ভাঙি মহিলা আহত হোৱা ঘটনাই সচকিত কৰিছে সকলোকে । তিনি ইঞ্চি বেৰাৰে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে শৌচালয় সমূহ ।

concrete wall
women injured
author img

By

Published : Aug 27, 2020, 9:01 PM IST

গোলাঘাট, 27 আগষ্ট : চৰকাৰী অনাময় আঁচনিৰ শৌচালয়ৰ দেৱাল ভাঙি আহত এগৰাকী মহিলা। গোলাঘাট জিলাৰ থুৰামুখত অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কৰা অনাময় আঁচনিৰ শৌচালয়ৰ দেৱাল ভাঙি মহিলা আহত হোৱা ঘটনাই সচকিত কৰিছে সকলোকে । থুৰামুখ অঞ্চলৰ আহত মাতু তাঁতীৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অনাময় আঁচনিৰ জৰিয়তে লাভ কৰিছিল এটা শৌচালয়। কিন্তু চৰকাৰী পক্ষৰ লগত গোপন বুজাবুজি থকা ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা শৌচালয় বৰ্তমান মৰণ ফান্দলৈ পৰিণত কৰাৰ অভিযোগ উঠিছে । দেৱাল ভাগি পৰাৰ ফলত কথমপি ৰক্ষা পৰে মহিলাগৰাকীৰ ।

চৰকাৰী শৌচালয়ৰ দেৱাল খহি গুৰুতৰভাৱে আহত মহিলা

মহিলা গৰাকীয়ে নিজ ঘৰত থকা অনাময় আঁচনিৰ শৌচালয়টোৰ কাষেৰে পাৰ হৈ যাওতেই হঠাতে শৌচালয়টোৰ পকী বেৰ খহি পৰে মহিলা গৰাকীৰ গাত । ফলত কপাল আৰু শৰীৰ বিভিন্ন স্থানত গুৰুত্বৰ ভাৱে আঘাত পায় মহিলাগৰাকীয়ে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ মাতু তাঁতীক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰে । বৰ্তমান মাতু বিপদ মুক্ত ।

অতি নিম্ন মানদণ্ডৰ এই সমূহ শৌচালয়ত ৰ’ড ব্যৱহাৰ নকৰাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয় । তিনি ইঞ্চি বেৰাৰে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে শৌচালয় সমূহ । যাৰ বাবে বিভিন্ন জনৰ ঘৰত অনাময় আঁচনিৰ জৰিয়তে লাভ কৰা শৌচালয়ৰ প্ৰতি সজাগ হ'ব লাগিব পৰিয়ালৰ লোক ।

লগতে পঢ়ক : গৰু গোহালিত পৰিণত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.