বোকাখাত, 25 এপ্ৰিল : বোকাখাতৰ নুমলীগড়ত দেওবাৰে নিশা সংঘটিত হয় এক অঘটন(Road accident at Numaligarh) ৷ য’ত থিতাতে নিহত হয় এজন লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি, নুমলীগড় বাগিচাৰ বাসিন্দা প্ৰদীপ বিভাৰ নামৰ লোকজনে স্কুটীৰে নিজ গৃহলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই অঘটন ৷
একমাত্ৰ বিধ্বস্ত পথৰ বাবে লোকজন স্কুটীৰ সৈতে পথত বাগৰি পৰে ৷ তেনে সময়তে ব্যক্তিজনৰ শৰীৰৰ ওপৰেদি পাৰ হৈ যায় পিছে পিছে আহি থকা এখন মালবাহী ট্ৰাক ৷ UP 74 T 4936 নম্বৰৰ মালবাহী ট্ৰাকখন এনেদৰে পাৰ হৈ যোৱাত থিতাতে মৃত্যুমুখত পৰে লোকজন ৷
ততালিকে ঘটনাস্থলীত গোট খাই স্থানীয় লোক ৷ স্থানীয় লোকসকলে প্ৰদীপ বিভাৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত কৰি তোলে ঘটনাস্থলী ৷ লগতে ক্ষতিসাধন কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ ৷ বোকাখাত আৰক্ষীয়ে এই সন্দৰ্ভত খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ৷
কিন্তু উত্তেজিত লোকসকলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ(37 national highway at Numaligarh) অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰাৰ লগতে আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় ৷ একমাত্ৰ বিধ্বস্ত পথৰ বাবে এগৰাকী লোকে প্ৰাণ হেৰুওৱা ঘটনাটোক সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকসকলে ৷
লগতে চাওক: কাৰ্বি আংলঙত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত তিনি