বোকাখাত,24 মাৰ্চ: বোকাখাতৰ কুমাৰণিআটিত বুধবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । ভূমি কেন্দ্ৰিক সংঘাটৰ বাবে ভতিজাকৰ হাতত প্ৰাণ গ'ল খুড়ায়েকৰ। ঘটনা অনুসৰি বোকাখাতৰ কুমাৰণিআটিৰ ৰাহুল মাঝি নামৰ যুৱকজনে বাম হৈ পৰা মাটিত পুখুৰী খান্দি থাকোতে খুড়ায়েক কৃষ্ণ মাঝিয়ে কিয় মোৰ মাটিত পুখুৰী খান্দিছা বুলি বাধা প্ৰদান কৰাৰ পাচতে দুয়োৰে মাজতে সৃষ্টি হয় খণ্ড যুদ্ধৰ ৷
ক্ষন্তেকতে খণ্ড যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰাত ভতিজাক ৰাহুল মাঝিয়ে কাষতে থকা দা এখনেৰে খুড়ায়েক কৃষ্ণ মাঝিক উপৰ্যপৰি আঘাট কৰে ৷ যাৰ ফলত কৃষ্ণ মাঝি নামৰ লোকজন থিতাতে নিহত হয় ৷ এই ঘটনাৰ পাচতে ভতিজাক ৰাহুল মাঝি বোকাখাত থানাত হাজিৰ হয় ৷ লগে লগে বোকাখাত আৰক্ষীয়ে ঘাটক ৰাহুল মাঝিক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃত কৃষ্ণ মাঝিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক: চাৰিদুৱাৰৰ চপালগা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড