ETV Bharat / state

গোলাঘাটত হাতীৰ আক্ৰমণত আহত এজন

author img

By

Published : Jun 22, 2021, 6:58 PM IST

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ শেহতীয়াকৈ গোলাঘাট জিলাৰ মুৰফুলনীত সংঘটিত হৈছে বনৰীয়া হাতীৰ আক্ৰমণৰ এক ঘটনা ৷ মঙলবাৰে সংঘটিত এই আক্ৰমণত আহত হৈছে এজন ব্যক্তি ৷

one person injured by elephant attact in golaghat
গোলাঘাটত হাতীৰ আক্ৰমণত আহত এজন

গোলাঘাট, 22 জুন : গোলাঘাট মুৰফুলনীত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে । মঙলবাৰে গোলাঘাট জিলাৰ 1 নং মুৰফুলনীত বন্যহস্তীৰ আক্ৰমণত আহত হ’ল এজন ব্যক্তি । হাতীৰ আক্ৰমণত আহত ব্যক্তি গৰাকীৰ নাম হৰেণ গগৈ বুলি জানিব পৰা গৈছে ।

নদীত গা-ধুবলৈ যাওঁতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক । আক্ৰমণত আহত হৰেণ গগৈক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় । ইফালে হৰেণ গগৈৰ পৰিয়ালে বন্যহস্তীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোকজনৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী কৰিছে একাংশ লোকে ৷

উল্লেখ্য যে, গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ কিছু দিন পূৰ্বে নুমলীগড়ৰ সমীপৰ মৰঙি চাহ বাগিচাত দেখা গৈছিল এক ভয়ানক দৃশ্য ৷ এজাক বন্যহস্তীয়ে চাহ বাগিচাৰ বিভিন্ন অঞ্চল এফালৰ পৰা মহটিয়াই নিয়াৰ শিহৰণকাৰী দৃশ্য আৱদ্ধ হৈছিল ইটিভি ভাৰতৰ কেমেৰাত ৷

দিনৰ ভাগতেই বন্য হস্তীৰ জাকটোৱে বাগিচাখনত অৱস্থান কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ নিশা হ’লে বাগিছাসমূহৰ কাষৰ গাঁওসমূহত হাতীৰ জাকটোৱে প্ৰৱেশ কৰি ঘৰ-বাৰী লণ্ড-ভণ্ড কৰাৰ দৃশ্যও কেমেৰাত বন্দী হৈছিল ৷ জানিব পৰা মতে, জিলাখনত বৰ্তমানেও হাতী-মানুহৰ সংঘাত কোনোমতেই ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বন বিভাগে ৷

স্থানীয় লোকসকলে নিজা ববীয়াকৈ হাতীৰ উপদ্ৰৱৰ পৰা নিজৰ অঞ্চলটো ৰক্ষা কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা থকা দেখা গৈছে ৷ ইফালে গোলাঘাটৰ বৃহত্তৰ মুৰফুলনী অঞ্চলটোত দিনক দিনে বন্যহস্তীৰ সন্ত্ৰাস বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজসকল ৷ উল্লেখ্য যে, বিগত দুই তিনি বছৰ ধৰি গোলাঘাটত বন্যহস্তীৰ জাকে চাহ বাগিচা আৰু ধাননি পথাৰত বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

এতিয়া নিশাতো বাদেই দিনৰ ভাগতে এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে বন্যহস্তীৰ জাকে । বন্যহস্তীৰ ত্ৰাসৰ বাবে অনিদ্ৰাই দিন কটাবলগীয়া হৈছে নুমলীগড়ৰ বকিয়াল, ৰংবং, সুন্দৰপুৰ, নাহৰচলা আদি অঞ্চলৰ ৰাইজে । হাতী-মানুহৰ সংঘাত যেন বৰ্তমান নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে সমগ্ৰ গোলাঘাট জিলাত ।

লগতে পঢ়ক : বিলাসী বাহনেৰে গৰু সৰবৰাহৰ নতুন কৌশল দুষ্টচক্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.