ETV Bharat / state

নুমলীগড়ত বাঢ়নী পানীত পৰি মৃত্যু এজন লোকৰ

author img

By

Published : Aug 8, 2020, 6:25 PM IST

নুমলীগড়ৰ 1 নং গৰৈমাৰিৰ বিলৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যু এজনৰ লোকৰ ৷

নুমলীগড়ত বাঢ়নী পানীত পৰি মৃত্যু এজন লোকৰ
নুমলীগড়ত বাঢ়নী পানীত পৰি মৃত্যু এজন লোকৰ

গোলাঘাট, 8 আগষ্ট: গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ 1 নং গৰৈমাৰিত শোকাৱহ ঘটনা ৷ বিলৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যু এজন লোকৰ ৷ মৃত লোকজন ৰঙাগড়াৰ গোপাল নৰহ (45) বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, ৰঙাগড়াৰ গোপাল নৰহ বংকোৱালত থকা সম্পৰ্কীয় লোকৰ ঘৰলৈ শুকুৰবাৰৰ দিনৰ ভাগত চাইকেল লৈ ফুৰিবলৈ আহিছিল আৰু নিশাৰ ভাগত 'মহুৰামুখ-বৰতল' পথেৰে ঘৰলৈ উভতি যাওঁতে পথৰ কাষৰ 1 নং গৰৈমাৰিৰ বিলৰ বাঢ়নী পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হয় ৷

শনিবাৰে স্থানীয় লোকে মহুৰামুখ-বৰতল সংযোগি পথৰ কাষত চাইকেল এখন পৰি থকা প্ৰত্যক্ষ কৰাত তাৰ কিছু সময়ৰ পাছতেই বিলৰ পানীত এজন মানুহৰ মৃতদেহ ওপঙি থকা দেখা পায় । পিচত লগে লগে কমাৰগাঁও আৰক্ষীক খবৰ দিয়ে ।

পিচত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষীয়ে লৈ গৈ পানীৰ পৰা মৃতদেহটো উঠাই অনাত স্থানীয় লোকে লোকজনক ৰঙাগড়াৰ গোপাল নৰহ বুলি চিনাক্ত কৰে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ।

লগতে চাওক-ক’ভিড-19 ত মৃত্যু নগাঁৱৰ আৰক্ষী কনিষ্টবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.