গোলাঘাট,13 জুলাই: ৰাজ্যত বানৰ তাণ্ডৱৰ ফলত প্ৰাণ হেৰুৱাইছে 40 গৰাকীকৈ লোকে ৷ গোলাঘাট জিলাতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি প্ৰাণ হেৰুৱালে এগৰাকী লোকে ৷ পশুধনৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ গৈ মৃত্যুমুখত পৰে লোকজন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মদেশ্বৰ দলে নামৰ লোকগৰাকীয়ে পশুধনৰ বাবে ব্ৰহ্মপুত্ৰৰ বামুণ চাপৰিলৈ ঘাঁহ কাটিবলৈ যায় ৷ 29 বছৰীয়া যুৱকগৰাকী নুমলীগড়ৰ সমীপৰ বংকোৱাল কাঠনি গাঁৱৰ বৰালীমৰা অঞ্চলৰ বাসিন্দা ৷
উল্লেখ্য় যে, বানেৰে পৰিপূৰ্ণ অঞ্চলটোত নিজ ভাতৃৰ সৈতে এখন টুলুঙা নাৱেৰে গৈ থকা অৱস্থাতে হঠাৎ বিকট চিঞৰ মাৰি নাওঁ সহ পানীত বুৰ যায় যুৱকগৰাকী ৷ অন্য এখন নাৱত থকা যুৱকজনৰ কণিষ্ঠ ভাতৃ শচীন দলেয়ে মদেশ্বৰক নাওঁ সহিতে উদ্ধাৰ কৰি ওখ ঠাইলৈ আনে যদিও অকাল মৃত্যুক সাৱতি লয় যুৱকগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনাটো সংঘটিত হৈছে মহুৰামুখৰ বংকুৱালত ৷
লগতে চাওকঃ কোভিড 19ত মৃত্যু হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ