ETV Bharat / state

বাঢ়নী পানীত ডুবি ছাত্ৰৰ কৰুণ মৃত্যু

author img

By

Published : Jul 15, 2020, 1:39 PM IST

নুমলীগড়ৰ সমীপৰ দুসোঁতিমুখ গাঁও পঞ্চায়তৰ কাঞ্চা চাপৰিত সংঘটিত হৈছে এক অঘটন ৷ ব্ৰহ্মপুত্ৰৰ বলীয়া বানে এটা পৰিয়ালৰ বাসগৃহ বুৰাই পেলোৱাৰ ফলত ঘৰৰ সামগ্ৰীসমূহ উদ্ধাৰৰ বাবে ব্যস্ত থকা এগৰাকী যুৱক নাও ডুবি মৃত্যুক সাৱটি লয় ৷

one death in flood at golaghat assam etv bharat news
ছাত্ৰৰ কৰুণ মৃত্যু

গোলাঘাট,15 জুলাই: বানে জলা-কলা খুৱাইছে ৰাজ্য়বাসীক ৷ বানৰ কবলত পৰি বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে জনসাধাৰণৰ লগতে পশুধনৰ ৷ চৌদিশে পানী, কিন্তু খাদ্য সংকটৰ লগতে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে ৰাজ্যবাসী ৷ তেনেস্থলত কোনো কোনো অঞ্চলত বানৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ এই মুহুৰ্তলৈকে ৰাজ্যৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে 85 গৰাকী ৷ গোলাঘাটতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি মৃত্যু ঘটিছে এগৰাকী ছাত্ৰৰ ৷

ছাত্ৰৰ কৰুণ মৃত্যু

ঘটনাৰ বিৱৰণী অনুসৰি, নুমলীগড়ৰ সমীপৰ দুসোঁতিমুখ গাঁও পঞ্চায়তৰ পাঠৰীৰ কাঞ্চা চাপৰিত সংঘটিত হৈছে এই অঘটন ৷ ব্ৰহ্মপুত্ৰৰ বলীয়া বানে এটা পৰিয়ালৰ বাসগৃহ বুৰাই পেলোৱাৰ ফলত ঘৰৰ সামগ্ৰীসমূহ উদ্ধাৰৰ বাবে ব্যস্ত হৈছিল মৃত যুৱকজন ৷ কিন্তু তৎমুহুৰ্ততে যুৱকজনে ব্যৱহাৰ কৰি থকা নাওঁখন ডুব যোৱাত অকাল মৃত্যুক সাৱটি লয় যুৱকজনে ৷ মৃত ছাত্ৰগৰাকী দ্বাদশ শ্ৰেণীত অধ্যয়নৰত সুনীল মিলি বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সুনীলৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আৰ্থিক অনাটনৰ বাবে পৰিয়ালটোৱে টকা যোগাৰ কৰিব নোৱাৰাত মৰণোত্তৰ পৰীক্ষাৰ বাবে বহু পলমকৈ যুৱকজনৰ মৃতদেহটো প্ৰেৰণ কৰিবলগীয়া হয় ৷

লগতে চাওকঃ পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সুন্দৰীদিয়া সত্ৰবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.