গোলাঘাট , 25 এপ্ৰিল : গোলাঘাট নুমলীগড় 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপাই জ্বলি উঠিল এখন টেংকাৰ । আতংকিত অঞ্চলবাসী ।
গোলাঘাট নুমলীগড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জলি উঠে এখন তেল কঢ়িওৱা টেংকাৰ ৷ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক । ঘটনাস্থলীৰ কাষতে আছে এটা অসম অইলৰ তেল ডিপো থকাৰ বাবে আতংকিত হৈ পৰিছে অঞ্চলবাসী । তেল খালি কৰি উভতি আহোঁতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় টেংকাৰ খনত।
লগতে পঢ়ক : যোৰহাটৰ ৰাজপথত জলন্ত মাৰুতি গাড়ী; প্ৰাণ ৰক্ষা 2 আৰুহী
AS-05 B-7471 নম্বৰৰ টেংকাৰখনত সংঘটিত অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ৷ যাৰ ফলত ব্যাহত হৈ পৰে উজনি নামনি যোগাযোগ। ইফালে প্ৰায় দুঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী । অগ্নিনিৰ্বাপক বাহিনী প্ৰায় দুঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷