ETV Bharat / state

দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ

author img

By

Published : Sep 11, 2020, 2:15 PM IST

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ তামুলীপথাৰত অইল ইণ্ডিয়াৰ ভুলৰ বাবে খাৰুৱা তেল নিৰ্গত হৈছে তেল পৰিবাহী পাইপ লাইনৰ পৰা। যাৰবাবে কৃষি ভূমি বিনষ্ট হোৱাৰ উপৰিও বাঘজান সদৃশ পৰিৱেশৰ দিশে ধাৱমান হৈছে গোলাঘাট জিলাৰ তামুলীপথাৰ ।

baghjan
দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ

গোলাঘাট, 11 ছেপ্টেম্বৰ : অইল ইণ্ডিয়াৰ পাইপ লাইনৰে খাৰুৱা তেল নিৰ্গত হৈ বিস্তৰ কৃষি ভূমি ক্ষতি হৈছে গোলাঘাট জিলাৰ কমাৰগাঁৱৰ সমীপৰ তামুলীপথাৰত। খাৰুৱা তেল পৰিবাহী এডাল পাইপ কিছুদিনৰ আগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই স্থাপন কৰিছিল । তামুলীপথাৰ অঞ্চলৰ কৃষিপথাৰ মাজেৰে যোৱা পাইপ ডালেৰে বৰ্তমান খাৰুৱা তেল নিৰ্গত হৈ অঞ্চলটোৰ কৃষি ভূমি বিনষ্ট কৰিছে । কৃষক সকলৰ শালিধানৰ খেতি বিস্তৰ ক্ষতি সাধন হোৱাত এতিয়া মূৰে-কপালে হাত দিছে কৃষক সকলে ।

নতুনকৈ স্থাপন কৰা খাৰুৱা তেল পৰিবাহী পাইপডালৰ পৰা বুৰবুৰণি উঠা দেখি আতংকিত হৈছে স্থানীয় ৰাইজ । তেল পৰিবাহী পাইপ ডাল অইল ইণ্ডিয়া কৰ্তৃপক্ষই বিসংগতিপূৰ্ণ ভাৱে স্থাপন কৰাৰ ফলত সংঘটিত হৈছে এনে কাণ্ড । যাৰ পৰিপ্ৰেক্ষিতত কাষৰীয়া কৃষি ভূমিৰ শালি ধানৰ বহু খেতি নষ্ট হোৱা দেখা গৈছে । কৃষি ভূমি নষ্ট হোৱাত এতিয়া অইল ইণ্ডিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক, টাই আহোম ছাত্ৰ সন্থাৰ লগতে একাংশ ছাত্ৰ সংগঠনে ।

অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে কৃষক সকলৰ নষ্ট হোৱা কৃষি ভূমিৰ উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে কৃষকসকলে । উল্লেখযোগ্য যে, সময় থাকোঁতেই যদি অইল ইণ্ডিয়া লিমিটেডে এই গুৰুত্বপূৰ্ণ বিষয়টো সমাধান নকৰে, তেন্তে এই স্থান যে দ্বিতীয় বাঘজানলৈ ৰূপান্তৰিত নহ'ব তাক নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক : পৰিবহন আয়ুক্ত সচিবৰ কাৰ্যালয়ত গাড়ী চালকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.