ETV Bharat / state

অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডহীনতাঃ শংকিত খুমটাইবাসী - কমাৰগাঁও আৰক্ষী চকী

খুমটাইৰ অন্তৰ্গত তামুলীপথাৰত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ৷ অইল ইণ্ডিয়া লিমিটেডে স্থাপন কৰা পাইপৰ পৰা নিৰ্গত হৈছে অহৰহ তেল ৷ তেল নিৰ্গত হোৱাৰ ফলত মূৰৰ ঘাম মাটিত পেলাই কৰা শালিধানৰ খেতি এফালৰ পৰা ৰঙা পৰি যোৱাৰ লগতে গুৰিতে পচি গৈছে । ইয়াকে লৈ হাহাকাৰ অৱস্থা দৰিদ্ৰ কৃষকৰ ।

Oil India Limited's irresponsible : Suspicious Khumtai Residents
অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডহীনতা : শংকিত খুমটাইবাসী
author img

By

Published : Sep 11, 2020, 4:54 PM IST

খুমটাই, 11 ছেপ্তেম্বৰ : খুমটাইৰ অন্তৰ্গত তামুলীপথাৰত ভয়ংকৰ ঘটনা ৷ যি কোনো মূহুৰ্তত বাঘাজানৰ অনুৰূপ ঘটনা সংঘটিত হ’ব পাৰে তামুলীপথাৰত ৷ যেন বাঘজানৰ ভয়ংকৰ কাণ্ডৰ পৰা কোনো শিক্ষা লোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷

তামুলীপথাৰত অইল ইণ্ডিয়া লিমিটেডৰ পাইপৰ পৰা নিৰ্গত তেল

অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডহীনতাৰ বাবে এতিয়া শংকিত হৈ পৰিছে খুমটাইৰ জনসাধাৰণ ৷ অইল ইণ্ডিয়াৰ ভুলৰ বাবেই খুমটাইৰ তামুলীপথাৰত খাৰুৱা তেল নিৰ্গত হোৱাত বাঘজান কাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে ৷

খুমটাইৰ সমীপৱৰ্তী কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত তামুলীপথাৰত অইল ইণ্ডিয়া লিমিটেডে স্থাপন কৰা পাইপৰ পৰা অহৰহ তেল নিৰ্গত হোৱাত মূৰৰ ঘাম মাটিত পেলাই কৰা শালিধানৰ খেতি এফালৰ পৰা ৰঙা পৰি যোৱাৰ লগতে গুৰিতে গেলি যোৱা উপক্ৰম হৈছে ।

উল্লেখ্য যে খাৰুৱা তেল পৰিবাহী পাইপ কিছুদিন পূৰ্বে অইল ইণ্ডিয়া কতৃপক্ষই স্থাপন কৰিছিল এই অঞ্চলত । কিন্তু নতুনকৈ স্থাপন কৰা খাৰুৱা তেল পৰিবাহী পাইপ ডাল স্থাপন কৰা স্থানত মাটিৰ তলৰ পৰা বুৰবুৰণি হৈ থকা দেখি আতংকিত হৈছে স্থানীয় ৰাইজ । তেল পৰিবাহী পাইপ ডাল অইল ইণ্ডিয়াই বিসংগতিপূৰ্ণ ভাৱে স্থাপন কৰাৰ সন্দেহ কৰিছে স্থানীয় কৃষক সকলে । যাৰ পৰিপ্ৰেক্ষিতত কাষৰীয়া কৃষি ভূমিৰ প্ৰায় দহ বিঘা শালি ধানৰ খেতি জ্বলি নষ্ট হৈছে বুলি অভিযোগ দিছে স্থানীয় কৃষক সকলে ।

ইফালে তামুলীপথাৰৰ কৃষিপথাৰ খাৰুৱা তেল নিৰ্গত হৈ খেতি পথাৰ নষ্ট হোৱাত এতিয়া অইল ইণ্ডিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে তাই আহোম ছাত্ৰ সন্থা । তাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক দীপ জ্যোতি তামুলীয়ে অইল ইণ্ডিয়া কতৃপক্ষৰ চূড়ান্ত অনিয়মৰ বাবে কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই কৰাৰ খেতি খাৰুৱা তেল নিৰ্গত হৈ নষ্ট হোৱাত কৃষক সকলক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে শীঘ্ৰেই অইল ইণ্ডিয়া কতৃপক্ষই উক্ত স্থান পৰিদৰ্শন কৰি উক্ত সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে । এই ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব ৷ বাঘজানৰ দৰে ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকা স্থানীয় লোকৰ ৷

লগতে চাওক-দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.