গোলাঘাট, 26 নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰিল গোলাঘাট জিলা। ঐক্য সেনা অসমৰ গোলাঘাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সৰ্বানন্দ সোণোৱাল কাম নাই, তেজ দিম CAB গৃহীত হ'ব নিদিওঁ আদি বিভিন্ন শ্ল'গানেৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীয়ে। অতি শীঘ্ৰে যদি চৰকাৰে প্ৰতিবাদকাৰীৰ দাবী সমূহ মানি নলয়, ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ঐক্য সেনা অসমৰ নেতা সকলে।
লগতে পঢ়ক:গোলাঘাটত ধনশিৰি নৈৰ ভয়াবহ গৰাখহনীয়া