গোলাঘাট, 16 জুন : ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ’ণা (Corona)ৰ গণ সংক্ৰমণ ৷ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বলৱৎ কৰিছে সান্ধ্য আইন ৷ এইবাৰ সান্ধ্য আইন উলংঘা কৰা একাংশ লোকৰ বিৰুদ্ধে কঠোৰ হৈছে গোলাঘাট জিলা প্ৰশাসন ৷
সান্ধ্য আইন উলংঘা কৰি বাটে পথে ঘুৰি ফুৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে জিলাখনৰ যান-বাহন আৰক্ষী ৷ চৰকাৰৰ নিৰ্দেশনা অমান্য কৰি বাটত ঘুৰি ফুৰা লোকক বিহিলে জৰিমনা, ৰুজু কৰিলে গোচৰ । জামিনবিহীন গোচৰো ৰুজু কৰা হয় আইন অমান্য কৰি ঘুৰি ফুৰা লোকৰ বিৰুদ্ধে ৷
ৰাজ্যত কৰ’ণাক সংক্ৰমণ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে চৰকাৰে সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা পৰিলক্ষিত হৈছে ৷ কৰ‘ণাৰ নতুন নীতি নিৰ্দেশনা অনুসৰি, গুৱাহাটী মহানগৰীত দিনৰ দুই বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷
আনহাতে, ৰাজ্যৰ জিলাৰ সমূহত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ বলৱৎ হৈ থাকিব সান্ধ্য আইন ৷ চৰকাৰৰ এই নতুন ক’ভিড নীতি নিৰ্দেশনা 22 জুনলৈ বলৱৎ হৈ থাকিব বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ২৪ ঘণ্টাই চিকিৎসা সেৱা প্ৰদান কৰিবলৈ টিংখাং আছুৰ স্মাৰক পত্ৰ