ETV Bharat / state

দেৰগাঁৱত কবি নীলমনি ফুকনৰ ওপজা দিন পালন - দেৰগাঁও, গোলাঘাট

দেৰগাঁৱৰ ঐতিহাসিক আজাদ পুস্তকালয়ত কবি নীলমণি ফুকনৰ ওপজা দিন উদযাপন । এই অনুষ্ঠানতে কবিগৰাকীৰ পুত্ৰ অমিতাভ ফুকনৰ "মই দেখা নীলমণি" নামৰ গ্ৰন্থখনৰ লগতে গাৰ্গী ভূঞাৰ "বাখৰু" আৰু জ্যেতিকুমাৰী শৰ্মাই সম্পাদনা কৰা "আজাদ" নামৰ আলোচনীও উন্মোচন কৰা হয় ।

Nilamoni Phukon Birthday celebration
দেৰগাঁৱত কবি নীলমনি ফুকনৰ ওপজা দিন পালন
author img

By

Published : Sep 11, 2021, 1:44 PM IST

দেৰগাঁও, ১১ ছেপ্টেম্বৰ : কবি নীলমণি ফুকনৰ ওপজা দিন উপলক্ষে গোলাঘাটৰ দেৰগাঁৱৰ আজাদ পুস্তকালয়ত শুকুৰবাৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । ১৯৪৬ চনতে কবিগৰাকীৰ প্ৰচেষ্টাতে গঢ় লৈ উঠিছিল "আজাদ পুস্তকালয়" নামৰ পুথিভঁৰালটো । পৰৱৰ্তী সময়ত বিভিন্ন কাৰণবশতঃ এই পুথিভঁৰালটো প্ৰায় বন্ধ হৈ পৰিছিল যদিও দেৰগাঁৱৰ একাংশ সচেতন সাহিত্যনুৰাগীৰ প্ৰচেষ্টাত পুনৰ সক্ৰিয় হৈ পৰে এই ঐতিহাসিক আজাদ পুস্তকালয় ।

এই আজাদ পুস্তকালয়তে কবিগৰাকীৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে উদযাপন কৰা হয় কবিগৰাকীৰ ওপজা দিন । আজাদ পুস্তকালয়ত আয়োজিত এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে কবিগৰাকীৰ পুত্ৰ অমিতাভ ফুকন, কবি, সমালোচক ৰাজীৱ বৰা, কবি গৰাকীৰ কনিষ্ঠ ভাতৃ তৰুণ ফুকন, বিশিষ্ট কবি অজিত গগৈ, বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই প্ৰমুখ্যে কেইগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে দেৰগাঁৱৰ বহু কেইগৰাকী সাহিত্যনুৰাগী লোক ।

এই অনুষ্ঠানতে কবিগৰাকীৰ পুত্ৰ অমিতাভ ফুকনৰ "মই দেখা নীলমণি" নামৰ গ্ৰন্থখনৰ লগতে গাৰ্গী ভূঞাৰ "বাখৰু" আৰু জ্যেতিকুমাৰী শৰ্মাই সম্পাদনা কৰা "আজাদ" নামৰ ই-আলোচনীও উন্মোচন কৰা হয় ।

দেৰগাঁৱৰ বিশিষ্ট নিৱন্ধকাৰ পদ্মলোচন নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত কবিগৰাকীৰ কেইবাটাও জনপ্ৰিয় কবিতা পাঠ কৰে অনুৰাগীয়ে ।

লগতে পঢ়ক:নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ শোক প্ৰকাশ AJYCPৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.