বোকাখাত, 30 জানুৱাৰী: ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এতিয়া আৰম্ভ হৈছে, সৰস্বতী পূজাৰ জল্পনা-কল্পনা (Saraswati puja celebration) ৷ অৱশ্যে, বিগত সময়চোৱাত ক’ভিড মহামাৰীয়ে উৎসৱৰ আনন্দত দিয়া বাধাৰ বাবে সৰস্বতী পূজা উদযাপনৰ ক্ষেত্ৰতো বাধা আহিব পাৰে চিন্তিত বৈ আছে ছাত্ৰ-ছাত্ৰী সকল ৷ ইয়াৰ মাজতে এতিয়া আহিল ভাল খবৰ ৷
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Health minister Keshab Mahanta on Saraswati puja celebration ) ঘোষণা কৰিলে যে, শিক্ষানুষ্ঠানত সৰস্বতী পূজা পালনত নাই কোনো বাধা ৷ চলি থকা SOP পালন কৰি , চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা নিয়ম অনুসাৰে পালন কৰিব পাৰিব সৰস্বতী পূজা । পহিলা ফ্ৰেব্ৰুৱাৰীত ঘোষণা হ'ব লগা নতুন SOP ত সৰস্বতী পূজাৰ বাবে নাথাকিব বিশেষ একো বাধা ।
লগতে পঢ়ক :Covid 19 Update in Assam : বিগত এসপ্তাহৰ ভিতৰত হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা