ETV Bharat / state

গোলাঘাটৰ বৰফলং চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ বৰফলং চাহ বাগিচাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড । অনিল চবৰ নামৰ এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে বিকাশ চবৰ (৩০) নামৰ এজন লোকক ৷ এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে খুমটাই আৰক্ষী আৰম্ভ কৰিছে তদন্ত ৷ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে চাৰিজন লোকক ৷

author img

By

Published : Aug 16, 2021, 9:34 PM IST

golaghat murder case
গোলাঘাটৰ বৰফলং চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাট,16 আগষ্ট: গোলাঘাটৰ বৰফলং চাহ বাগিচাত সংঘটিত হৈছে এক অঘটন ৷ বাগিচাখনৰ ওপৰটেঙাত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ জানিব পৰা মতে, নিহত ব্যক্তি জনৰ নাম বিকাশ চবৰ (৩০) ৷

পৰিয়াল কেন্দ্ৰিক সংঘাত আৰু অত্যাধিক মদ্যপানেই কাল হ’ল বিকাশ চবৰৰ বাবে ৷ অভিযোগ অনুসৰি, পৰিয়াল কেন্দ্ৰিক সংঘাত আৰু অধিক মদ্যপানৰ ফলত সংঘটিত হয় এই হত্যাকাণ্ড । অভিযোগ অনুসৰি, একেখন বাগিচাৰে অনিল চবৰ নামৰ এজন ব্যক্তিয়ে হত্যা কৰে বিকাশ চবৰক ৷

golaghat murder case
অভিযুক্ত আতক

দেওবাৰে নিশা বিকাশ চবৰৰ ঘৰৰ চোতালতে বিকাশ চবৰ আৰু অনিল চবৰৰ সৈতে হঠাৎ তৰ্কা-তৰ্কি হয় ৷ পৰৱৰ্তী সময়ত বাকযুদ্ধই হতাহতিৰ ৰূপ লয় ৷ পৰিস্থিতি বিষম দেখি বিকাশ চবৰৰ পৰিয়ালৰ লোক বাহিৰলৈ ওলাই আহে ৷

লগতে পঢ়ক: প্ৰেমত বাধা দিয়াৰ বাবেই বায়েকে হত্যা কৰিলে ভায়েকক !

তাৰ পাচতেই দুটা ফৈদৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । অভিযোগ অনুসৰি, অনিল চবৰে বিকাশ চবৰক হত্যা কৰাৰ পৰৱৰ্তী সময়ত অভিযুক্ত অনিল চবৰৰ পৰিয়ালৰ লোকে মৃত বিকাশ চবৰৰ পত্নী জোনতি চবৰ, বলৰাম চবৰ আৰু ৰাধেশ্যাম চবৰকো আক্ৰমণ কৰে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় জোনতি চবৰ, বলৰাম চবৰ আৰু ৰাধেশ্যাম চবৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় খুমটাই আৰক্ষী ৷ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহে ৷ ইফালে এই ঘটনাত আহত লোকসকলক নিশাই কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আনহাতে, এই হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযোক্ত অনিল চবৰক আটক কৰিছে আৰক্ষীয়ে ৷ লগতে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত সুনীল চবৰ, ৰবিন চবৰ আৰু সন্তোষ চবৰ নামৰ আন তিনিজন লোককো আটক কৰিছে খুমটাই আৰক্ষীয়ে ৷

খুমটাই আৰক্ষীয়ে সদৰি কৰা অনুসৰি, এই ঘটনাত ব্যৱহৃত এখন দা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অন্ততহে সমগ্ৰ তথ্য পোহৰলৈ আহিব ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷

লগতে পঢ়ক: পাথাৰকান্দিত আৰক্ষীৰ অভিযানত জব্দ ব্ৰাউন চুগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.