ETV Bharat / state

কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই : গৌৰৱ গগৈ - GMC election results 2022

ৰাজ্যত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ সন্দৰ্ভত বোকাখাতত সাংসদ গৌৰৱ গগৈৰ মন্তব্য প্ৰকাশ (MP Gaurav Gogoi reacts to GMC election results 2022) ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ দল সম্পূৰ্ণৰূপে বিধ্বস্ত হ'লেও কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই ৷

mp-gaurav-gogoi-reacts-to-gmc-election-results-2022
কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই : গৌৰৱ গগৈ
author img

By

Published : Apr 25, 2022, 10:20 PM IST

বোকাখাত, 25 এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (GMC Election 2022)কংগ্ৰেছ দল সম্পূৰ্ণৰূপে বিধ্বস্ত হ'লেও কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই ৷ কংগ্ৰেছ দলৰ সংগঠনৰ লগতে প্ৰতিগৰাকী কৰ্মীৰ নিষ্ঠা আৰু সততাৰ ওপৰত আমাৰ বিশ্বাস আছে ৷

গুৱাহাটী পৌৰ নিগমৰ লগতে ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পিচত বোকাখাতত সোমবাৰে সাংসদ পুঁজিৰ ধনেৰে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰি সাংসদ গৌৰৱ গগৈয়ে মন্তব্য প্ৰকাশ কৰি ক'লে এনেদৰে (MP Gaurav Gogoi reacts to GMC election results 2022) ৷

তেওঁ কয় যে, এতিয়াৰে পৰা কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা, কৰ্মী প্ৰতি ৰাইজৰ ঘৰে ঘৰে যোৱা আৰম্ভ কৰিছে ৷ অতি কম দিনৰ ভিতৰতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কংগ্ৰেছ দলৰ পূৰ্বৰ ভেটি সুদৃঢ় কৰাৰ বাবে ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি উলিয়াব ৷

কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই : গৌৰৱ গগৈ

ইফালে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ দল ত্যাগে (Ripun Bora resign from congress) কংগ্ৰেছ দলৰ কোনো ক্ষতি সাধন নকৰে ৷ ব্যক্তিগতভাৱে ৰিপুন বৰা এজন ভাল আৰু যোগ্য ৰাজনৈতিক নেতা ৷ কিন্তু যিটো দলত ৰিপুন বৰাই নতুনকৈ যোগদান কৰিছে তাতহে ৰিপুন বৰাৰ ভৱিষ্যৎ নাই বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক : GMC Election 2022 : 8,097 গৰাকী ভোটাৰৰ ন’টাত ভোটদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.