ETV Bharat / state

বিদ্যুতৰ খুঁটা দিয়াৰ নামত ঠিকাদাৰৰ ধন দাবী - গোলাঘাট

বিদ্যুৎ বিভাগৰ ঠিকাদাৰ আগে-আগে....সাংবাদিক পিছে পিছে । সাংবাদিকৰ কেমেৰা দেখি পলায়ন ঠিকাদাৰ পল্টু ডেকাৰ ৷

বিদ্যুতৰ খুটা দিয়াৰ নামত ঠিকাদাৰৰ ধন দাবী
author img

By

Published : Jun 18, 2019, 5:49 PM IST

সৰুপথাৰ,18 জুনঃ সৰুপথাৰ সীমান্তৰ চুঙাজান মাজগাঁৱত ঠিকাদাৰ পল্টুৰ চলিছে দুৰ্নীতি । বিদ্যুতৰ খুঁটা দিয়াৰ নামত ঠিকাদাৰজনে গাঁওবাসীক কৰিছে ধন দাবী । খুঁটাৰ বিনিময়ত দিয়ক ৬০০০হাজাৰ,নহ'লে উঠায় নিয়া হ'ব বিদ্যুতৰ খুঁটা-এই দাবী ঠিকাদাৰ পল্টুৰ । আনকি,ঠিকাদাৰজনে অঞ্চলটোৰ কিছু পৰিয়ালৰ পৰা ১০০০টকাকৈ ল’লে বিদ্যুতৰ খুঁটা দিয়াৰ নামত । পিছে ঠিকাদাৰ পল্টুৱে পইচা ঠিকেই ল’লে । গাঁওবাসীক হ'লে নিদিলে বিদ্যুতৰ খুঁটা । গাঁত খান্দিয়ে নিজৰ দায়িত্ব সামৰা ঠিকাদাৰ পল্টু মঙলবাৰে পুনৰ গাঁৱলৈ আহিল ধন নিয়াৰ বাবে । কিন্তু সেইদিনা কপাল বেয়া আছিল পল্টুৰ । ধন নিবলৈ আহি সাংবাদিকক দেখি থতমত খোৱা পল্টু পলায়ন কৰিলে ঘটনাস্থলীৰ পৰা ।

Intro:অসম চৰকাৰৰ বিদ্যুৎ বিতৰণ কোম্পানীয়ে শেহতীয়াকৈ ঠিকাদাৰী কোম্পানীৰ জৰিয়তে সৰুপথাৰৰ গাঁৱে ভুঁঞে বিদ্যুতৰ খুটা স্থাপন, নতুন সংযোগ আদিৰ কাম চলি আছে | সৰুপথাৰৰ সীমান্তৰ চুঙাজান মাজগাওঁত বিদ্যুতৰ খুটা দিয়াৰ নামত গ্ৰাহকৰ পৰা ধন লোৱাৰ অভিযোগ বিদ্যুৎ বিভাগৰ এগৰাকী ঠিকাদাৰৰ সহযোগিক ৰাইজে পশুখেদা দিয়াৰ দৃশ্য কেমেৰাত বন্দী হয় | দালালৰূপি ব্যক্তি গৰাকীয়ে গাঁও খনৰ কেইঘৰমান দৰিদ্ৰ পৰিয়ালৰ চুবুৰিত তিনিটা বিদ্যুত খুঁটা স্থাপন কৰি দিয়াৰ নামত আঠ হেজাৰ টকা দাবী কৰিছিল | দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোকে এহেজাৰ কৈ মুঠ চাৰি হাজাৰ টকা উঠাই দিয়াৰ পিছতো গাওঁখনত বিদ্যুতৰ খুটা স্থাপন নকৰিলে দালাল পল্টু ডেকাই | 
Body:পল্টু ডেকা নামৰ ব্যক্তি গৰাকীয়ে গাওঁ খনত পুনৰ প্ৰবেশ কৰি বাকী টকা উঠাবলৈ আহোতে স্থানীয় ৰাইজে আগুচি ধৰি সোধাপোছা কৰি পশুখেদা দিয়ে গাঁওৰ ৰাইজে | বিনামুলীয়া খুটা স্থাপনৰ নামত ধন সংগ্ৰহ কৰা  ব্যক্তি গৰাকীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হব Conclusion:Byte -1/2 = গাঁওবাসী

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.