গোলাঘাট, 17 নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ (CAB) সপক্ষে মন্তব্য আগবঢ়াইছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । সমৰ্থনত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কয় যে, অসমীয়া জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই সকলোৱে CAB ৰ সমৰ্থন কৰা উচিত । কংগ্ৰেছৰ স্থিতি দুমুখীয়া বুলিও সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷
কংগ্ৰেছে বৰাকত CAB সমৰ্থন কৰে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বিৰোধিতা কৰে বুলি কটাক্ষ কৰে মৃণাল শইকীয়াই । এনে দুমুখীয়া স্থিতি কোনেও সমৰ্থন নকৰে । বিজেপিৰ 'ভিজন ডকুমেণ্ট' আৰু নিৰ্বাচনী ইস্তাহাৰতো CAB ৰ কথা উল্লেখ আছে ইয়াৰ পাচতো অগপই মিত্ৰতা কৰিছিল বুলি মন্তব্য কৰে শইকীয়াই । সেয়ে অগপই CAB সমৰ্থন কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়ক মৃণাল শইকীয়াই ।