ETV Bharat / state

ভ্ৰাম্যমাণ পাকঘৰ লৈ বানাক্ৰান্তৰ কাষত বিধায়ক মৃণাল শইকীয়া - flood

বানত ককবকাই থকা বন্যাৰ্তৰ কাষত বিধায়ক মৃণাল শইকীয়া ৷ খাদ্য সামগ্ৰী লৈ ভ্ৰাম্যমাণ পাকঘৰ উপস্থিত হ'ব বন্যাৰ্তৰ কাষত ।

বানাক্ৰান্তৰ কাষত বিধায়ক মৃণাল শইকীয়া
author img

By

Published : Jul 13, 2019, 2:32 PM IST

গোলাঘাট, 13 জুলাই : গোলাঘাটত বানাক্ৰান্তৰ কাষত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া । বিগত বৰ্ষৰ দৰে এইবেলিও ভ্ৰাম্যমাণ পাকঘৰৰ জৰিয়তে বানাক্ৰান্তক আহাৰ যোগান ধৰাৰ এক প্ৰচেষ্টা গ্ৰহণ বিধায়কগৰাকীৰ ৷ বানত ককবকাই থকা বন্যাৰ্তৰ কাষত খাদ্য সম্ভাৰ লৈ উপস্থিত বিধায়কগৰাকী । দেৰগাঁৱত প্ৰস্তুত কৰা খাদ্য সামগ্ৰী লৈ ভ্ৰাম্যমাণ পাকঘৰ উপস্থিত হ'ব বন্যাৰ্তৰ কাষত । এইবাৰ ভ্ৰাম্যমাণ পাকঘৰৰ বাবে ব্যৱহাৰ কৰা বাহনখনত ব্যৱস্থা কৰা হৈছে বিভিন্ন সুবিধা ৷ প্ৰয়োজনত এম্বুলেঞ্চ, প্ৰয়োজনত উদ্ধাৰ অভিযানতো ব্যৱহাৰ কৰা হ'ব ভ্ৰাম্যমাণ পাকঘৰৰ বাহনখন । স্থায়ীভাৱে এইবাৰ নিৰ্মাণ কৰা হৈছে বাহনখন । ইপিনে বিধায়কগৰাকীৰ এনে প্ৰচেষ্টাক একেমুখে শলাগ লৈছে সকলোৱে ৷

Intro:গোলাঘাটত বানাক্ৰান্তৰ কাষত খাদ্য সম্ভাৰ লৈ বিধায়ক মৃনাল শইকীয়া। ভ্ৰাম্যমাণ পাকঘৰৰ জৰিয়তে বানাক্ৰান্তক আহাৰ যোগান বিধায়ক জনৰ। যোৱা বৰ্ষত এখন গাড়ীত ৰন্ধন শালা তৈয়াৰ কৰি বানাক্ৰান্তক খাদ্য যোগান ধৰি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰো বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত আজিৰে পৰা আৰম্ভ হল ভ্ৰাম্যমাণ পাকঘৰ। ব্ৰহ্মপুত্ৰৰ বানত ককবকাই থকা বৰ্ণাত্যৰ কাষত খাদ্য সম্ভাৰ লৈ উপস্থিত বিধায়কজন। এইবাৰ ভ্ৰাম্যমাণ পাকঘৰৰ বাবে ব্যৱহাৰ কৰা বাহন খনত বিভিন্ন সুবিধাৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজনত এম্বুলেঞ্চ , প্ৰয়োজনত উদ্ধাৰ অভিযানতো ব্যৱহাৰ কৰা হব ভ্ৰাম্যমাণ পাকঘৰৰ বাহন খন। স্থায়ী ভাৱে এইবাৰ নিৰ্মাণ কৰা হৈছে বাহনখন। দেৰগাওঁত প্ৰস্তুত কৰা খাদ্য সামগ্ৰী লৈ ভ্ৰাম্যমাণ পাকঘৰ উপস্থিত হব ব্ৰহ্মপুত্ৰৰ বানত ধৰাশায়ী হোৱা বৰ্ণাত্যৰ কাষত। সকলোয়ে শলাগ লৈছে বিধায়ক মৃণাল শইকীয়াৰ এই মহৎ প্ৰচেষ্টাত।
Byte_মৃণাল শইকীয়াBody:বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত ব্যৱহাৰ কৰা এই ভ্ৰাম্যমাণ পাকঘৰলৈ আপুনিও আগবঢ়াব খাদ্য সামগ্ৰী। আৰ্ত্য জনক এমুঠি আহাৰ যোগানৰ ইচ্ছা প্ৰকাশ কৰিলে যিকোনো ব্যক্তি, দল ,সংগঠনে আগবঢ়াব পাৰিব খাদ্য সামগ্ৰী। বিধায়ক মৃনাল শইকীয়াৰ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ অংশীদাৰ হওঁ আহক। যোগান ধৰক শাক ,পাচলি,চাউল, দাইল, তেল,নিমখ আদি।Conclusion:গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.