গোলাঘাট,26 মেঃ গোলাঘাট জিলাৰ খুমটাইত জৱাহৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত পুৱাই উপস্থিত হয় বিধায়ক মৃণাল শইকীয়া ৷ উক্ত কেন্দ্ৰত থকা ৪ জন লোকৰ দেহত কোভিড-19 ৰ উপস্থিতি ধৰা পৰাৰ পিছতেই তৎপৰ হৈ পৰে বিধায়কগৰাকী ৷
গোলাঘাট জিলাৰ খুমটাইৰ চিনাতলীস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৫৬ জন লোক আছিল ৷ তাৰে ভিতৰত ইতিমধ্যে ৪ জনৰ দেহত কোভিড-19 ধৰা পৰিছে। উল্লেখ্য যে, আটাইকেইজন লোক চেন্নাইৰ পৰা অসমলৈ ওভতি অহা ব্যক্তি ৷ লোককেইজনৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানীত ৷ লোককেইজন হ’ল জয়ৰাম বড়ি(৩৮), গনেশ বড়ো(২২), বুমন শইকীয়া(২১) আৰু দীপক বড়ো(৩২) ৷ বিধায়ক মৃনাল শইকীয়াই বিদ্যালয়খনৰ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈ লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও পৰিদৰ্শন কৰে কেন্দ্ৰটো ৷ বৰ্তমান নবোদয় বিদ্যালয়খনত মুঠতে ৫২ গৰাকী লোক কোৱাৰেণ্টাইনত আছে ৷ ইতিমধ্যে আক্ৰান্ত লোকসকলক গোলাঘাট চিকিৎসালয়ত ভৰ্তি কৰাইছে বুলি সদৰি কৰে স্থানীয় বিধায়ক মৃণাল শইকীয়াই ।
লগতে পঢ়ক- পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত হাহাকাৰ