ETV Bharat / state

এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা, দায়িত্ব সকলোৰে আছে - Law Implementation Committee team visits Kaziranga

কাজিৰঙা পৰ্যবেক্ষণ বিধানসভাৰ আইন ৰূপায়ণ সমিতিৰ দলৰ ।

mla mrinal saikia and  Assembly Law Implementation Committee team visits Kaziranga
কদৰ্যময় কাজিৰঙাক সৰ্বাংগসুন্দৰ কৰাৰ চিন্তা
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 9:24 PM IST

কদৰ্যময় কাজিৰঙাক সৰ্বাংগসুন্দৰ কৰাৰ চিন্তা

কাজিৰঙা, 22 নৱেম্বৰ : জাবৰৰ দ’মত পৰিণত হোৱা কাজিৰঙা পৰিদৰ্শন কৰিবলৈ পুনৰ বুধবাৰে উপস্থিত হয় খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ৷ কদৰ্যময় কাজিৰঙাক সৰ্বাংগসুন্দৰ কৰাৰ চিন্তাৰেই আজি বিধায়কগৰাকী পুনৰ উপস্থিত হয় বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷ আনকি, বিধায়ক শইকীয়া‌ৰ নেতৃত্বত পৰ্যটনথলী কাজিৰঙাত উপস্থিত হয় বিধানসভাৰ আইন ৰূপায়ণ সমিতিৰ দল ।

ৰাজ্যৰ বন আৰু পৰিৱেশ বিভাগ তথা পৰ্যটন বিভাগৰ চূড়ান্ত উদাসীনতাৰ বাবেই কাজিৰঙা পৰ্যটনৰ মুখ্য কেন্দ্ৰবিন্দু কঁহৰা চাৰিআলিয়ে অত্যন্ত কদৰ্য ৰূপ লৈছে ৷ কঁহৰাৰ এই ৰূপ সলাবলৈ স্থানীয় বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত দাবী তুলি অহাৰ পাচতো চৰকাৰী পক্ষ সম্পূৰ্ণ ৰূপে নীৰৱ হৈ ৰয় ৷ ইয়াৰ পাচতেই কদৰ্যময় কাজিৰঙাৰ ফটো তুলি বিধানসভাত উত্থাপন কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

আনকি, টুইটাৰ যোগেও বিধায়ক শইকীয়াই কাজিৰঙাৰ কদৰ্যময় ৰূপ তুলি ধৰে ৷ তাৰ পাচতেই মৃণাল শইকীয়াৰ সৈতে শাসকীয় দলৰ এগৰাকী বিধায়কৰ কিছু কথাৰ কটাকটিও হয় ৷ লক্ষণীয়ভাৱে, বিধানসভাত বিষয়টো উত্থাপন হোৱাৰ পাচতেই চৰকাৰী পক্ষই হৈ-চৈ কৰি কাজিৰঙাখন চাফ-চিকুণ কৰাৰ বাবে দুই-এক আঁচনি লয় যদিও পৰৱৰ্তী সময়ত সেয়া ফুটুকাৰ ফেনলৈ পৰিণত হয় ৷

পৰৱৰ্তী সময়ত কাজিৰঙা অধ্যয়ন চক্ৰ নামৰ এটি অনুষ্ঠানে কঁহৰা চাৰিআলি পৰিষ্কাৰ কৰাৰ চিন্তাৰে কেইবাটাও চাফাই কাৰ্যসূচী হাতত লয় ৷ এইক্ষেত্ৰত গোলাঘাট জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীণ আৰু বোকাখাতৰ মহকুমাধিপতি চিমি কৰণে কাজিৰঙা অধ্যয়ন চক্ৰৰ সৈতে আলোচনাত মিলিত হৈ শেহতীয়াকৈ আৰম্ভ কৰে কাজিৰঙাৰ সৌন্দৰ্যবৰ্ধনৰ কেইবাটাও আঁচনি ৷ তাৰ মাজতে আজি কাজিৰঙাৰ কহঁৰা চাৰিআলিত বিধায়ক শইকীয়া‌ৰ নেতৃত্বত পৰ্যটনথলী কাজিৰঙাত উপস্থিত হয় বিধানসভাৰ আইন ৰূপায়ণ সমিতিৰ দল ।

গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি চিমি কৰণ, গোলাঘাট পশ্চিম খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈৰ উপস্থিতিত বিধানসভাৰ দলটোৱে কাজিৰঙাৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে । বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত কয় যে, ৰাজ্যৰ বন আৰু পৰিৱেশ বিভাগ তথা পৰ্যটন বিভাগৰ কাজিৰঙা পৰ্যটনৰ মুখ্য কেন্দ্ৰবিন্দু কঁহৰা চাৰিআলিৰ কদৰ্য ৰূপ নাইকিয়া কৰা, ডাষ্টবিনলৈ পৰিণত হোৱা কহঁৰা নৈখন চাফা কৰাৰ দায়িত্ব আছে যদিও দুয়োটা বিভাগৰ বাবে আজিও যেন এয়া গুৰুত্বহীন ৷

শেহতীয়াকৈ বোকাখাত প্ৰশাসনৰ নেতৃত্বত গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ তৰফৰ পৰা কাজিৰঙাখন কিছু চাফ চিকুণ হৈছে যদিও কাজিৰঙাৰ উত্তৰণৰ বাবে কৰিবলগীয়া বহুখিনি আছে ৷ কাজিৰঙাত থকা একাংশ ল’জ-ৰিজৰ্টেও নিজৰ পেলনীয়াখিনি পথৰ দাঁতি অথবা কঁহৰা নৈত পেলাই বুলি উল্লেখ কৰে মৃণাল শইকীয়াই ৷ আজি কাজিৰঙাৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি বিধায়ক শইকীয়াই কয় যে, পৰৱৰ্তী সময়ত সকলোৰে সহযোগিতাত পৰ্যটনথলী কাজিৰঙা সৰ্বাংগসুন্দৰ কৰা হ’ব ৷

লগতে পঢ়ক : Kaziranga National Park: পুনৰ মুকলিৰ পিচতেই কাজিৰঙাত ১৬ হাজাৰ পৰ্যটকৰ আগমন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.