ETV Bharat / state

বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত ক'ভিড আক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ - ক'ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত শেহতীয়াকৈ কেইবাটাও স্থানত কৰ'ণা (Corona) ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নতুনকৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । কণ্টেইনমেণ্ট জ'নত(Containment Zone) থকা আক্ৰান্ত পৰিয়ালক সহায়ৰ বাবে বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত সোমবাৰে সমষ্টিটোৰ অন্তৰ্গত পূৱ বৰপথাৰ আৰু পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ক'ভিড(Covid) আক্ৰান্ত কেইবাটাও পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

biswajit donate
ক'ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ
author img

By

Published : Jun 15, 2021, 1:37 PM IST

সৰুপথাৰ,১৫ জুন : ৰাজ্যত পূৰ্বতকৈ কৰ'ণা (Corona) আক্ৰান্তৰ হাৰ হ্ৰাস হৈছে যদিও কিছুমান জিলাত অব্যাহত আছে দ্ৰুত সংক্ৰমণ । বহু স্থানত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত শেহতীয়াকৈ কেইবাটাও স্থানত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নতুনকৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ।

কণ্টেইনমেণ্ট জ'নত (Containment Zone) থকা আক্ৰান্ত পৰিয়ালক সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে । বিধায়কগৰাকীৰ নেতৃত্বত সোমবাৰে সমষ্টিটোৰ অন্তৰ্গত পূৱ বৰপথাৰ আৰু পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ক'ভিড (Covid) আক্ৰান্ত কেইবাটাও পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । বিধায়ক গৰাকীৰ নেতৃত্বত তেওঁ দলীয় কৰ্মীসকলে আক্ৰান্ত পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ বিতৰণ কৰে খাদ্য সামগ্ৰী ।

লগতে পঢ়ক: টেঙাখাটত আৰ্তজনৰ কাষত এগৰাকী মানৱদৰদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.