ETV Bharat / state

বৰপথাৰৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ

author img

By

Published : Jun 21, 2021, 1:27 PM IST

বৰপথাৰৰ দুৱৰণিৰ টেঙানী আলীচিঙাস্থিত ঐতিহাসিক কছাৰী ৰাজত্ব কালৰ ভগ্নাৱশেষ সমূহ পৰিদৰ্শন কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে । এই ঐতিহাসিক প্ৰত্নতাত্বিক স্থানটো পৰিদৰ্শন কৰাৰ লগতে কেনেদৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বুজ লয় ৷

Mla bishwajit Phukan's visit archalogical of historic Kachari region
বৰপথাৰস্থিত ঐতিহাসিক কছাৰী ৰাজত্ব কালৰ ভগ্নাৱশেষ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ

বৰপথাৰ, 21 জুন : গোলাঘাট জিলাৰ বৰপথাৰৰ দুৱৰণিৰ টেঙাণী আলিচিঙাস্থিত প্ৰত্নতাত্বিক সমলেৰে পৰিপূৰ্ণ সপ্তম-অষ্টম শতিকাৰ ঐতিহাসিক স্থানটি পৰিদৰ্শন কৰিলে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে । উল্লেখ্য যে, কিছু বছৰ পূৰ্বে পূৰাতত্ব বিভাগে উক্ত স্থানত চলাইছিল খননকাৰ্য ৷ এই খননকাৰ্যত কছাৰী সম্ৰাজ্যৰ ৰাজপ্ৰাসাদৰ ভগ্নাৱশেষৰ লগতে বহু দেৱ-দেৱীৰ প্ৰতিমূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল পূৰাতত্ব বিভাগে ।

কিন্তু এই ঐতিহাসিক প্ৰত্নতাত্বিক স্থানডোখৰ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ অমনোযোগিতা, হেমাহিৰ বাবেই এনেদৰেই হাবি বন গজি পৰি ৰৈছে বুলি অভিযোগ একাংশ সচেতন লোকৰ । শেহতীয়াকৈ সৰুপথাৰৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত দিনে নিশাই উঠি পৰি লগা পৰিলক্ষিত হৈছে ।

বৰপথাৰত কছাৰী ৰাজত্ব কালৰ ভগ্নাৱশেষ পৰিদৰ্শন বিশ্বজিৎ ফুকনৰ

ইয়াৰ পৰিপ্ৰেক্ষিতত এই প্ৰত্নতাত্বিক সমলেৰে ভৰপূৰ স্থান পৰিদৰ্শন কৰাৰ লগতে উক্ত স্থানডোখৰ কেনেদৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুলৈ ৰূপান্তৰিত কৰিব পাৰি, সেই সন্দৰ্ভত বুজ লয় বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে, বিধায়ক গৰাকীয়ে আগন্তুক দিনত এই ঐতিহাসিক সমলসমূহ কিদৰে সংৰক্ষিত কৰি ঠাইডোখৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব পাৰি এই সম্পৰ্কে প্ৰত্নতাত্বিক বিভাগ আৰু পৰ্যটন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত কাম কৰা হ'ব বুলি মতপোষণ কৰে ।

আনহাতে, আলিচিঙা টেঙাণীৰ বন বিষয়াজনে সদৰি কৰা অনুসৰি, এই ঐতিহাসিক প্ৰত্নতাত্বিক স্থানডোখৰত এখন উদ্ভিদ উদ্যান গঢ়ি তোলা হ’ব ৷ কছাৰী ৰজাসকলে এক সুন্দৰ পৰিকল্পনাৰে প্ৰতিটো সামগ্ৰী গঢ়ি তুলিছিল বুলি উল্লেখ কৰি এই সমলক লৈ সকলোৱে গৌৰৱান্বিত অনুভৱ কৰে মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : মোডী মন্ত্ৰীসভাত সোণোৱালৰ অন্তৰ্ভুক্তি অসমৰ বাবে ইতিবাচক খবৰ হ’ব : কুইন ওজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.