গোলাঘাট,19 মাৰ্চঃ মানৱতাক ভূ-লুণ্ঠিত কৰা ধৰ্ষণ কাণ্ড পুনৰ সংঘটিত হৈছে ৰাজ্যত ৷ ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কত কালিমা সানি আসুৰিক কাণ্ড সংঘটিত কৰিলে এক পাষণ্ডই। গোলাঘাটৰ ১নং ফলঙনীত সংঘটিত হয় এই ঘটনা ৷ ১নং ফলঙনীৰ ব্যক্তিজনে বিভিন্ন ভয়-ভাবুকিৰে সম্বন্ধত খুড়াকৰ জীয়েক অৰ্থাৎ ভনীয়েকক ধৰ্ষণ কৰি ঘটনাৰ গাপ দিব বিচাৰে ৷ লগতে 12বছৰীয়া নাবালিকা গৰাকীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ৷ নাবালিকা গৰাকীয়ে মৃত্যুৰ ভয়ত বহুদিনলৈ ঘটনা সম্পৰ্কে প্ৰকাশৰ পৰা বিৰত থাকে ৷ কিন্তু তিনিদিন পূৰ্বে ঘটনা সম্পৰ্কে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে জানিব পৰাত বাগীজান আৰক্ষীৰ কাষ চাপে ৷ নাবালিকা গৰাকী সম্প্ৰতি চাৰিমাহৰ অন্তঃসত্বা ৷
আনফালে,সকলো কথা প্ৰকাশ হোৱাত ধৰ্ষণকাৰী বৰ্তমান পলাতক অৱস্থাত আছে ৷ বগীজান আৰক্ষীয়ে লম্পটটোক বিচাৰি অব্যাহত ৰাখিছে অনুসন্ধান । কিন্তু বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই ধর্ষণকাৰীজনক ৷
লগতে চাওকঃদণ্ডাধীশৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ কৰ'ণা পৰীক্ষণ