ETV Bharat / state

মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ঘোষণা কৰি সমস্যাত পৰিল হিমন্ত বিশ্ব শৰ্মা - ঋণ ৰেহাইৰ আবেদন

গোলাঘাটত শতাধিক মহিলাৰ প্ৰতিবাদ ৷ এখন নিৰ্বাচনী সভাত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ ঘোষণা কৰাৰ পাচতে জিলাখনৰ মহিলাসকলে ঋণ ৰেহাইৰ আবেদন লৈ উপস্থিত হৈছিল জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ত ৷ কিন্তু মহিলাসকলৰ আবেদন গ্ৰহণ কৰা নহ'ল ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে মহিলাসকল ৷

মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ঘোষণা কৰি সমস্যাত পৰিল হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Mar 19, 2021, 7:34 PM IST

Updated : Mar 19, 2021, 8:41 PM IST

গোলাঘাট,19মাৰ্চ : নিৰ্বাচনৰ বতৰত গোলাঘাটৰ ৰাজপথলৈ ওলাই আহিল দলে-বলে মহিলা । কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই অহা নাই মহিলাসকল । মহিলাসকলে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰূপায়ন কৰিছে ধৰ্ণা কাৰ্যসূচী। কিয়নো মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই এখন নিৰ্বাচনী সভাত সকলো মহিলাৰ মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাই দিব বুলি মন্তব্য কৰিছিল ৷ মন্ত্ৰী শৰ্মাৰ এই ঘোষণাৰ পাচতে গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ঋণ ৰেহাইৰ আবেদন লৈ ভিৰ কৰিছিলহি শতাধিক মহিলাই ৷

মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ঘোষণা কৰি সমস্যাত পৰিল হিমন্ত বিশ্ব শৰ্মা

কিন্তু মহিলাসকলৰ এই আবেদন গ্ৰহণ নকৰে উপায়ুক্ত কাৰ্যালয়ে ৷ ইয়াৰ পাচতে ক্ষোভিত হৈ পৰে মহিলাসকল ৷ মহিলাসকলে মন্ত্ৰী শৰ্মাৰ এই মিথ্যাচাৰৰ গৰিহণা দি সাব্যস্ত কৰে প্ৰতিবাদ ৷ আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে মহিলাসকলে ৷

অন্য এক খবৰৰ বাবে: নিৰ্বাচনী হিংসা:ফালি পেলালে বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয়

Last Updated : Mar 19, 2021, 8:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.