বোকাখাত, 9 জানুৱাৰী : বছৰটোৰ পহিলা মাহতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীলৈ প্ৰদান কৰিলে এক বিশেষ উপহাৰ ৷ এই উপহাৰস্বৰূপে মুখ্যমন্ত্ৰীগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰিছে এক অভিনৱ আঁচনি ৷
এই আঁচনিমৰ্মে মাক-দেউতাক তথা পৰিয়ালৰ সৈতে সময় কটাবলৈ 8 আৰু 9 জানুৱাৰীত চৰকাৰী কৰ্মচাৰীয়ে পাব বিশেষ ছুটী ৷ শুকুৰবাৰে নিশা অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া দুদিনীয়া ছুটীৰ ব্যৱহাৰ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Dr Ranoj Pegu) নিজ গৃহত উপস্থিত হয় ৷
বোকাখাতৰ গৃহত অকলশৰে থকা মাতৃৰ লগত শনিবাৰৰ দিনটো কটালে মন্ত্ৰীগৰাকীয়ে (Ranoj Pegu at Bokakhat) ৷ নিজ গৃহত উপস্থিত হৈ অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীক পৰিয়ালৰ লোকৰ লগত সময় কটাবলৈ ছুটী প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি পঞ্চমুখ হৈ পৰে শিক্ষা মন্ত্ৰীগৰাকী ৷
আনহাতে, অনাগত দিনত শিক্ষকৰ চাকৰিৰ বাবে নিকা পদ্ধতিৰে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে । আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া বিশেষ টেট পৰীক্ষা যথেষ্ঠ কঠোৰভাৱে অনুষ্ঠিত কৰা হ'ব ৷
তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ অনুশীলন কৰিবলৈ আহ্বান জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ এতিয়াৰে পৰা মেধা ভিত্তিতহে শিক্ষকৰ চাকৰি লাভ কৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেও চাকৰি নাপায় ৷
কিয়নো নম্বৰৰ ভিত্তিতহে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৷ ৰাজ্যত সমান্তৰালভাৱে বাঢ়ি অহা কৰ’ণা সংক্ৰমণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আংশিকভাৱে বন্ধ ঘোষণা কৰা হৈছে ৷
কিন্তু নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান এদিন এৰি এদিন অফলাইন আৰু অনলাইনত পদ্ধতিত চলিব বুলি প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী পেগুৱে ৷
লগতে পঢ়ক : বিজেপি কাৰ্যকৰ্তাৰ পিএছঅ' প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি আবেদন ভৱেশ কলিতাৰ