ETV Bharat / state

15 গৰাকী মেধাৱীলৈ লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান

গোলাঘাটত লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান । অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন গোলাঘাট সংমণ্ডল কাৰ্যালয়ত জিলাখনৰ ১৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা ৷

author img

By

Published : Sep 12, 2019, 5:54 PM IST

অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ প্ৰতিষ্ঠা দিৱস

গোলাঘাট, 12 চেপ্তেম্বৰঃ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ দ্বাৰা লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান ৷ সংস্থাৰ গোলাঘাট সংমণ্ডলে জিলাখনৰ 15 গৰাকী কৃতিমানক প্ৰদান কৰে এই বঁটা ৷

15 গৰাকী মেধাৱীলৈ লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান

অসম চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ অধীনৰ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হৈ যায় শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান ৷ বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ লগতে গোলাঘাট পৌৰসভাৰ পৌৰপতি জুৰী দাস ৰাজখোৱা, অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলাৰ সভাপতি ঘণশ্যাম বাঢ়ৈৰ লগতে বহুটো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অনুষ্ঠানত জিলাখনৰ 15 গৰাকীকৈ মেধাৱী কৃতিমানক প্ৰদান কৰা লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা ৷ আনহাতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় সংস্থাৰ প্ৰতিষ্ঠা দিৱস ৷ এই অনুষ্ঠানতে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৌ অসমভিত্তিক দ্বিতীয় স্থান দখল কৰা এগৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিব ৷ এই বঁটাত থাকিব নগদ ত্ৰিশ হাজাৰ টকাৰ লগতে এখন প্ৰমাণপত্ৰ ৷ আনহাতে গোলাঘাটত প্ৰদান কৰা বঁটাত আটাইকেইগৰাকী শিক্ষাৰ্থীকে নগদ দুহেজাৰ টকাকৈ আগবঢ়োৱাৰ লগতে এখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷

Intro:গোলাঘাটত লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা বিতৰণ। অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন গোলাঘাট সংমণ্ডল কাৰ্যালয়ৰ দ্বাৰা এই বঁটা প্ৰদান। গোলাঘাট জিলাত ১৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান। অল আসাম ৱৰ্কাৰ কেতগেৰিত স্থান লাভ কৰা এজন ছাত্ৰক গুৱাহাটী কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।Body:বৃহস্পতিবাৰে গোলাঘাট পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হয় লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠান। অসম চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ অধীনৰ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন গোলাঘাট সংমণ্ডল কাৰ্যালয়ে অনুষ্ঠিত কৰে ৬৫ সংখ্যক লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠানটো। অনুষ্ঠানৰ প্ৰথমে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে লোকনায়ক অমিয় কুমাৰ বৰাৰ ফটোত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে। এইবাৰ গোলাঘাট সংমণ্ডল কাৰ্যালয়ৰ অধীনত চাহ বাগিচাৰ কৰ্মৰত ভৱিষ্যৎনিধি সভ্যসকলৰ ১৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটাত দুহেজাৰ টকা আৰু এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিধায়িকা অজন্তা নেওগৰ উপৰিও গোলাঘাট পৌৰসভাৰ পৌৰপতি জুৰী দাস ৰাজখোৱা, অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলাৰ সভাপতি ঘণশ্যাম বাঢ়ৈ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।Conclusion:Byte 1: কৰ্মচাৰী, অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.